তিনি বছৰৰ পিছত সামৰণী অনুষ্ঠান; সমাৱেশ ঘটিব বলীউডৰ তাৰকা শিল্পীৰ
নিয়মীয়া বাৰ্তা, ২৯ মে’: ক’ভিডৰ বাবে তিনিবছৰ বন্ধ থকাৰ পিছত আই পি এলত পুনৰ অনুষ্ঠিত হ’ব সামৰণী অনুষ্ঠান৷ ২০১৯ চনত অন্তিমবাৰৰ বাবে অনুষ্ঠিত হৈছিল উদ্বোধনী আৰু সামৰণী অনুষ্ঠান৷ কিন্তু ক’ৰোনা অতিমাৰীৰ বাবে ২০২০ আৰু ২০২১ চনত উদ্বোধনী আৰু সামৰণী অনুষ্ঠান আয়োজন কৰা সম্ভৱপৰ হোৱা নাছিল৷ এইবাৰ উদ্বোধনী অনুষ্ঠান নহ’লেও সামৰণী অনুষ্ঠানেৰে উভতিব বিচাৰিছে আয়োজকসকল৷ ফলত আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’বলগা ফাইনেল খেলখনৰ পূর্বে অনুষ্ঠিত হ’ব জাকজমকতাপূর্ণ সামৰণী অনুষ্ঠান৷
উল্লেখ্য যে মেচ আৰম্ভ হোৱাৰ সময় ইতিমধ্যে আধাঘণ্টা পিছুৱাই দিয়া হৈছে আৰু ৭.৩০ বজাৰ পৰিৱর্তে চূড়ান্ত খেলখন ৮ বজাৰ পৰা আৰম্ভ হ’ব৷ জানিব পৰা মতে, বলীউডৰ তাৰকা অভিনেতা ৰণবীৰ সিং আৰু প্রখ্যাত সংগীতজ্ঞ এ আৰ ৰহমানে সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰিব৷ এই বিষয়ে এটি বিজ্ঞাপন আই পি এলৰ সম্প্রচাৰকাৰী চেনেলত দেখুওৱা আৰম্ভ হৈছে৷ বিয়লি ৬.৩০ বজাৰ পৰা সামৰণী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা৷ এই অনুষ্ঠানত ঝাড়খণ্ডৰ বিখ্যাত ছৌ নৃত্যও প্রদর্শন কৰা হ’ব৷ ছৌ নৃত্যত পাৰদর্শী ১০গৰাকী সদস্যৰ এটি দল ইতিমধ্যে বাছনি কৰিছে ক্রিকেট ব’র্ডে৷
উল্লেখ্য যে ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী, সচিব জয় শ্বাহ আৰু ভাৰতৰ বহু প্রাক্তন ক্রিকেটাৰ ফাইনেলৰ সময়ত উপস্থিত থাকিব৷ ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষও বিশেষভাৱে উদ্যাপন কৰা হ’ব আৰু এই সময়ছোৱাত ভাৰতীয় ক্রিকেট কিদৰে আগুৱাই গৈছে সেয়াও দেখুওৱা হ’ব৷ প্রথম অৱস্থাত উদ্বোধনী অথবা সামৰণী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা নাছিল৷ যোৱা এপ্রিলত সামৰণী অনুষ্ঠানৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হয়৷