আইপিএললৈ সাজু ৰাজস্থানঃ অমল মজুমদাৰ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ লকডাউনৰ বাবে প্রায় ছমাহ ধৰি ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা খেলুৱৈসকলে অনুশীলনৰ সময়ছোৱাত ছন্দ ওভতাই পাইছে৷ প্রতিগৰাকী খেলুৱৈয়ে এতিয়া আই পি এললৈ অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে৷ –এই মন্তব্য আগবঢ়াইছে ৰাজস্থান ৰয়েলছৰ বেটিং প্রশিক্ষক অমল মজুমদাৰে৷ আই পি এলৰ বাবে ৰাজস্থান ৰয়েলছৰ প্রস্তুতি সন্দর্ভত তেওঁ কয় যে কেইবাটাও প্রক্রিয়াৰ প্রস্তুতি শিবিৰে দলটোৰ খেলুৱৈসকলক উপকৃত কৰিছে৷ তেওঁলোক এতিয়া পূর্ণ শক্তিৰে খেলপথাৰত নামিবলৈ সাজু হৈছে৷ লকডাউনৰ সময়ত খেলুৱৈসকলে বাহিৰলৈ ওলাব পৰা নাছিল যদিও তেওঁলোকক আমি ঘৰতে অনুশীলনৰ বাবে কিছু নীতি–নিয়ম বান্ধি দিছিলোঁ৷ সেয়া অনুসৰণ কৰাৰ ফলত আমাৰ খেলুৱৈসকল শাৰীৰিকভাৱে ফিট হৈ আছে৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছে অহা ২২ ছেপ্ঢেম্বৰত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এইবাৰৰ আই পি এলত অভিযান আৰম্ভ কৰিব৷