আই এছ এছ এফ বিশ্বকাপ শ্বুটিং, বিজয়বীৰ তেজস্বিনীৰ স্বর্ণপদক
নিয়মীয়া বার্তা, ২৮ মার্চঃ আই এছ এছ এফ বিশ্বকাপ শ্বুটিঙত আয়োজক ভাৰতৰ দপদপনি অব্যাহত আছে৷ নতুন দিল্লীত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ কালি ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলৰ মিক্সড দলীয় শাখাত ভাৰতে স্বর্ণপদক জয় কৰিবলৈ সক্ষম হয়৷
বিজয়বীৰ সিধু আৰু তেজস্বিনীৰ দ্বাৰা গঠিত ভাৰতীয় যুটিটোৱে স্বদেশৰে সতীর্থ গুৰপ্রীত সিং আৰু অশোক যুটিক পৰাস্ত কৰি শ্রেষ্ঠত্ব অর্জনেৰে স্বর্ণপদক অর্জন কৰে৷ এই স্বর্ণপদক জয়েৰে ভাৰতে প্রতিযোগিতাখনত লাভ কৰা স্বর্ণপদকৰ সংখ্যা ১৩টালৈ বৃদ্ধি কৰে৷