নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাতমুক্ত হৈ চি এছ কেৰ শিবিৰত যোগ দিলে জাদেজাই

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সমাগত আই পি এলৰ পূর্বে বৃহৎ সকাহ লাভ কৰিছে তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে৷ আঘাতৰ বাবে বিগত প্রায় তিনি মাহ ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আই পি এলত প্রত্যাৱর্তনৰ বাবে সাজু হৈছে আৰু  চেন্নাই ছুপাৰ কিংছৰ শিবিৰত যোগ দিছে৷

৩২ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে এতিয়া মুম্বাইত বাহৰ পাতি থকা চি এছ কেৰ জৈৱ সুৰক্ষিত বলয়ত বাধ্যতামূলক সাত দিনৰ কোৱাৰেণ্টাইনত থাকিব৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৱে টুইটাৰত এই কথা সদৰী কৰিছে৷

উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টত বেটিং কৰি থকা অৱস্থাত আঙুলিত আঘাতৰ সন্মুখীন হোৱাৰ বাবে জাদেজাই ব্রিছবেন টেষ্টৰ পৰা বাহিৰ হোৱাৰ লগতে ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত অংশ ল’ব পৰা নাই৷ যোৱা দুমাহ ধৰি বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত থাকি নিজকে সুস্থ কৰি তোলা জাদেজাই চলিত মাহৰ আৰম্ভণিতে নেট অনুশীলনলৈ উভতিছিল৷

You might also like