৬০০ উইকেটৰ ক্লাবত এণ্ডাৰছন
নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ বিশ্বৰ প্রথমগৰাকী বেগী বলাৰ হিচাপে টেষ্ট ক্রিকেটত ৬০০ উইকেট দখল কৰিবলৈ সক্ষম হৈছে ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জেমছ এণ্ডাৰছনে৷ পাকিস্তানৰ বিৰুদ্ধে ছাউদাম্পটনত অনুষ্ঠিত তৃতীয় তথা অন্তিম টেষ্টৰ অন্তিম দিনা আজহাৰ আলীৰ উইকেট দখল কৰি ৩৮ বছৰীয়া তাৰকাগৰাকীয়ে এই মাইলষ্ট’নত উপনীত হয়৷
উল্লেখ্য যে টেষ্ট ক্রিকেটৰ ইতিহাসত এণ্ডাৰছন এতিয়া চতুর্থ সর্বাধিক উইকেট দখলকাৰী বলাৰ৷ টেষ্টত তেওঁতকৈ অধিক উইকেট দখল কৰা বলাৰকেইগৰাকী হ’ল শ্রীলংকাৰ অফ স্পিনাৰ মুথিয়া মুৰুলীধৰণ (৮০০), অষ্ট্রেলিয়াৰ কিংবদন্তি লেগ স্পিনাৰ শ্বেন ৱার্ন (৭০৮) আৰু ভাৰতৰ কিংবদন্তি লেগ স্পিনাৰ অনিল কুম্বলে (৬১৯)৷
ইফালে, ৩৮ বছৰ সম্পূর্ণ হ’লেও জেমছ এণ্ডাৰছনে টেষ্ট কেৰিয়াৰত ৭০০ উইকেট দখল কৰিব বুলি আত্মবিশ্বাস ব্যক্ত কৰিছে৷ ‘২০০৩ত যেতিয়া মই প্রথমখন মেচ খেলিছিলোঁ, তেতিয়া ৬০০ উইকেটৰ কল্পনাই কৰা নাছিলোঁ৷ এতিয়া মই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ আৰু ৭০০ উইকেটৰ লক্ষ্য স্থিৰ কৰিছোঁ৷’ এণ্ডাৰছনে কয়৷ ইফালে, পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টেষ্ট যোৱানিশা অমীমাংসিতভাৱে সামৰণি পৰে৷