গোৱাত অনুষ্ঠিত হ’ব বুমৰাহৰ বিয়া; কোন হ’ব কইনা ?
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ বিশ্বৰ শ্ৰেষ্ঠ দ্ৰুত বলাৰ যশপ্ৰিত বুমৰাহৰ বিয়াৰ বিষয়ে এই কেইদিনত খুবেই চৰ্চা চলি আছে। ভাৰতীয় পেচাৰগৰাকীয়ে বিয়া কৰিবলৈ আগবঢ়াৰ খবৰটো ভাইৰেল হোৱাৰ লগে লগে, তেওঁৰ অনুৰাগীসকলে জানিবলৈ আগ্ৰহী হৈ পৰিছিল যে যশপ্ৰিতৰ কইনা কোন হ’ব?
খবৰ অনুসৰি বুমৰাহে ক্ৰীড়া এংকৰ সঞ্জনা গণেশনৰ সৈতে ১৪-১৫ মাৰ্চত গোৱাত নিজৰ দ্বিতীয় ইনিংছৰ পাতনি মেলিব। অৱশ্যে, এইটো এতিয়াও দুয়োফালৰ পৰা এই বিষয়ে কোনোধৰণৰ মন্তব্য কৰা নাই। ইপিনে এই অনুষ্ঠানত কোভিদ প্ৰটোকল মানি কেৱল ঘনিষ্ঠ বন্ধু আৰু নিৰ্বাচিত আত্মীয়সকলেহে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে পেছাদাৰী জীৱনৰ বাহিৰে দুয়োকে কেতিয়াও ৰাজহুৱা স্থানত একেলগে দেখা পোৱা যোৱা নাছিল। বা পূৰ্বে কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদনটো দুয়োজনৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাছিল।
২৮ বছৰীয়া সজানা গণেশন পেছাগতভাৱে এগৰাকী ক্ৰিকেট এংকৰ/উপস্থাপক। বিগত কিছুসময় ধৰি তেওঁ কেইবাটাও টুৰ্ণামেণ্টৰ অংশ লৈ আহিছে। তেওঁ আই পি এলত সক্ৰিয় হৈ থকাৰ উপৰিও ‘ষ্টাৰ স্পৰ্টছ’ৰ সৈতেও জড়িত হৈ আছে। ইয়াৰ বাহিৰেও সঞ্জনাই ২০১৩ চনত ফেমিনা গৰ্জিয়াছৰ খিতাপ অৰ্জন কৰিছিল।