জিলা পর্যায়ত স্থাপন কৰা হ’ব এহেজাৰ খেলো ইণ্ডিয়া কেন্দ্র
ভাৰতক ক্রীড়াৰ ছুপাৰ পাৱাৰ কৰি তোলাৰ লক্ষ্য
নিয়মীয়া বাৰ্তা, ২০ জুনঃ ভাৰতক ক্রীড়াৰ ছুপাৰ পাৱাৰ কৰি তোলাৰ লক্ষ্যৰে ক্রীড়া মন্ত্রালয়ে অভিলাষী আঁচনি হাতত লৈছে৷ এই অনুসৰি দেশজুৰি জিলা পর্যায়ত ১০০০টা খেলো ইণ্ডিয়া কেন্দ্র স্থাপন কৰা হ’ব৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৱে আজি এই কথা ঘোষণা কৰে৷
তেওঁ কয় যে ভাৰতক ক্রীড়াৰ ছুপাৰ পাৱাৰ কৰি তুলিবলৈ আমি যুৱ প্রজন্মৰ বাবে ক্রীড়াক এক উজ্জ্বল কেৰিয়াৰ হিচাপে গঢ়ি তুলিব লাগিব৷ খেলুৱৈ এগৰাকীৰ ভৱিষ্যৎ সম্পূর্ণৰূপে নিৰাপদ হ’লেহে অভিভাৱকে নিজৰ সন্তানক খেলক কেৰিয়াৰ হিচাপে গ্রহণৰ অনুমতি দিব৷
এনে এক পৰিৱেশ সৃষ্টিৰ সপোন লৈ আমি দেশৰ চৌদিশে জিলা পর্যায়ত এক হাজাৰ খেলো ইণ্ডিয়া কেন্দ্র স্থাপনৰ প্রয়াস আৰম্ভ কৰিছোঁ৷ এগৰাকীকৈ প্রাক্তন চেম্পিয়ন খেলুৱৈয়ে এই কেন্দ্রসমূহ পৰিচালনা কৰিব৷
দেশৰ প্রতিটো প্রান্তৰ পৰা প্রতিভাৱান খেলুৱৈ চিনাক্ত কৰাই এই কেন্দ্রসমূহৰ প্রধান উদ্দেশ্য হ’ব৷ জিলা পর্যায়ৰ খেলো ইণ্ডিয়া কেন্দ্রসমূহত আর্চাৰী, এথলেটিকছ, বক্সিং, ফুটবল, বেডমিণ্টন, চাইক্লিং, ফেন্সিং, হকী, জুডো, ৰ’য়িং, শ্বুটিং, সাঁতোৰ, টেবুল টেনিছ, ভাৰোত্তোলন আৰু মল্লযুঁজ প্রশিক্ষণৰ সুবিধা থাকিব৷