নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়া ভ্রমণত শ্লেজিং নকৰে কোহলিকঃ ডেভিদ ৱার্নাৰ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ঘৰুৱা দল অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া আগন্তুক চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাটোত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক শ্লেজিং কৰাৰ পৰা বিৰত থাকিব অষ্ট্রেলিয়ান দলটোৱে৷ –এই মন্তব্য কৰিছে অষ্ট্রেলিয়াৰ বিস্ফোৰক অ’পেনাৰ ডেভিদ ৱার্নাৰে৷

চলিত বর্ষৰ শেষৰপিনে অষ্ট্রেলিয়া ভ্রমণ কৰিবলগীয়া টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি সন্দর্ভত ডেভিদ ৱার্নাৰে কয় যে কোহলিক কেতিয়াও জোকাই নল’বা৷ তেওঁক জোকোৱা মানে নিজৰ বিপদ নিজে চপাই লোৱা হ’ব আৰু ইয়াৰ ফলত সমস্যাৰো সৃষ্টি হ’ব৷ গতিকে আগন্তুক চাৰিখনীয়া টেষ্ট শৃংখলাটোত কোহলিৰ বিৰুদ্ধে শ্লেজিং কৰাৰ পৰা অষ্ট্রেলিয়ান খেলুৱৈসকল বিৰত থাকিব বুলি ইংগিত দিয়ে ৱার্নাৰে৷ দুয়ো দেশৰ মাজৰ টেষ্ট শৃংখলাটো অধিক আকর্ষণীয় হ’ব বুলি উল্লেখ কৰি বিস্ফোৰক অ’পেনাৰগৰাকীয়ে লগতে কয়– বিগত বর্ষত আমি বেয়া খেলা নাছিলোঁ যদিও এটা ভাল দলৰ হাতত পৰাস্ত হৈছিলোঁ৷ তেওঁলোকৰ বলিং বিভাগ অতি সুন্দৰ আছিল৷

বর্তমান ভাৰতীয় দলটোৰ কেইবাগৰাকীও তাৰকা বেটছমেন আছে আৰু আমাৰ দলটোৰ বলিং শক্তি উন্নত৷ গতিকে এই শৃংখলাটো আকর্ষণীয় হৈ উঠাটো খাটাং৷ ইফালে, টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু সতীর্থ ষ্টিভেন স্মিথক তুলনা কৰি ডেভিদ ৱার্নাৰে কয় যে ক্রিকেটৰ তিনিওটা সংস্কৰণতে কোহলি আৰু স্মিথ বিশ্বৰ অন্যতম শ্রেষ্ঠ বেটছমেন৷ এক সংবাদ প্রতিষ্ঠানেৰে হোৱা বার্তালাপত কেংগাৰু বাহিনীৰ বাঁওহতীয়া অ’পেনাৰগৰাকীয়ে কয় যে টেষ্ট শৃংখলাটোত কোহলি আৰু স্মিথৰ প্রদর্শন সঁচাকৈয়ে আকর্ষণীয় হ’ব৷ এই শৃংখলাটো বিশেষকৈ কোহলি বনাম স্মিথ নামেৰে জনাজাত হ’ব৷ কিয়নো এই দুয়োগৰাকী তাৰকা বেটছমেনে শেহতীয়াভাৱে দুর্দান্ত বেটিঙেৰে নিজৰ নিজৰ প্রতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে৷

গতিকে অষ্ট্রেলিয়াৰ লগতে ভাৰতীয় অনুৰাগীয়েও এই শৃংখলাটোলৈ অধীৰ আগ্রহেৰে বাট চাই আছে৷ উল্লেখ্য যে ভাৰতীয় দলটোৱে চাৰিখন টেষ্ট আৰু এদিনীয়া শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে ডিচেম্বৰ–জানুৱাৰীত অষ্ট্রেলিয়া ভ্রমণ কৰিব৷ টেষ্টকেইখন ক্রমে গাব্বা, এডিলেইড অ’ভেল আৰু মেল’বর্নত অনুষ্ঠিত হ’ব৷

You might also like