নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র এটা ভুলে আইপিএলত আউল লগাব পাৰে: বিৰাট কোহলি

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  বিশ্বজুৰি মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ অব্যাহত থকাৰ মাজতে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ডুবাইত আৰম্ভ হ’বলগীয়া আই পি এলত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ সতীর্থসকলক সতর্ক কৰি দিছে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ অধিনায়ক বিৰাট কোহলিয়ে৷ আই পি এলৰ প্রথমখন ভার্ছুৱেল টীম মিটিঙত তাৰকাগৰাকীয়ে আজি কয় যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রতিগৰাকী খেলুৱৈয়ে বি চি চি আই আৰু ইউ এ ই চৰকাৰৰ প্রট’কল কঠোৰভাৱে মানি চলিব লাগিব৷ ‘আমাক যিবোৰ নিয়মৰ কথা কোৱা হৈছে, সেইবোৰ আমি সম্পূর্ণৰূপে পালন কৰিব লাগিব৷ কিয়নো, আমাৰ মাত্র এটা ভুলে গোটেই প্রতিযোগিতাখনত আউল লগাব পাৰে আৰু আমি কোনেও এয়া হোৱাটো নিবিচাৰোঁ৷

ব্যক্তিগতভাৱে মই প্রতিগৰাকী খেলুৱৈক অনুৰোধ জনাব বিচাৰোঁ যে ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত যাতে কোনেও আপোচ নকৰে৷’ কোহলিয়ে এইদৰে কয়৷ ইফালে, আৰ চি বিৰ ক্রিকেট অপাৰেচনছৰ সঞ্চালক মাইক হেছনে অনলাইন বৈঠকখনত কয় যে ক’ভিড প্রট’কল ভংগ কৰা খেলুৱৈয়ে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব৷ ভুলবশতঃ এই প্রট’কল ভংগ কৰা খেলুৱৈ মেচৰ পৰা নিলম্বিত হ’ব আৰু তেওঁ সাত দিনৰ আইছ’লেচনত থাকিব লাগিব৷ ইয়াৰ পিছত তেওঁৰ ক’ভিড টেষ্ট সম্পন্ন হ’ব আৰু টেষ্টৰ ফলাফল নিগেটিভ হ’লেহে দললৈ প্রত্যাৱর্তন কৰিব পাৰিব৷ মন কৰিবলগীয়া যে কিছুদিন পূর্বে ইংলেণ্ডৰ উদীয়মান বেগী বলাৰ জ’ফ্রা আর্চাৰে ক’ভিড প্রট’কল ভংগ কৰি নিলম্বনৰ সন্মুখীন হৈছিল৷

You might also like