ড্রেছিং ৰুমত স্কটলেণ্ডৰ খেলুৱৈৰ মনোবল বৃদ্ধি কোহলি–ৰোহিতৰ
নিয়মীয়া বার্তা, ৭ নৱেম্বৰ: টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, তাৰকা অ’পেনাৰ ৰোহিত শর্মা, কে এল ৰাহুল, তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু তাৰকা অফস্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ পৰা মূল্যৱান পৰামর্শ গ্রহণ কৰিলে নৱাগত দল স্কটলেণ্ডৰ খেলুৱৈসকলে৷ টি–২০ বিশ্বকাপত যোৱানিশা শক্তিশালী টীম ইণ্ডিয়াৰ হাতত বিধ্বস্ত হোৱাৰ পিছত স্কটলেণ্ড দলৰ খেলুৱৈসকলে ভাৰতৰ ড্রেছিং ৰুমলৈ আহি কোহলি, ৰোহিতৰ দৰে তাৰকাসকলক সাক্ষাৎ কৰি দীর্ঘদিনীয়া সপোন পূৰণ কৰে৷
উল্লেখ্য যে আই চি চিৰ সহযোগী দেশ হিচাপে স্বীকৃতি লাভ কৰা স্কটলেণ্ডে ভাৰতৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা খেলাৰ লগতে কোহলি, ৰোহিতৰ দৰে তাৰকাক সাক্ষাতৰ সুযোগ লাভ নকৰে৷ টি–২০ বিশ্বকাপত লাভ কৰা এই সুযোগৰ সদ্ব্যৱহাৰ কৰি স্কটলেণ্ডৰ খেলুৱৈসকলে টীম ইণ্ডিয়াৰ অভিজ্ঞ তাৰকাসকলৰ সৈতে মত বিনিময় কৰে আৰু ক্রিকেট সন্দর্ভত বিভিন্ন দিহা–পৰামর্শ গ্রহণ কৰে৷
ভাৰতীয় খেলুৱৈসকলেও আন্তৰিকতাৰে স্কটলেণ্ডৰ নৱাগত আৰু প্রতিভাৱান খেলুৱৈসকলক উৎসাহিত কৰা দেখা যায়৷ টীম ইণ্ডিয়াৰ তাৰকাসকলৰ এই মহানুভৱতাক স্কটলেণ্ড ক্রিকেট ব’র্ডে ভূয়সী প্রশংসা কৰিছে৷ উল্লেখ্য যে যোৱা সপ্তাহত পাকিস্তানৰ খেলুৱৈসকলে মেচৰ অন্তত নামিবিয়াৰ ড্রেছিং ৰুমলৈ গৈ তেওঁলোকৰ খেলুৱৈসকলক উৎসাহিত কৰিছিল৷