ভাৰতীয় ক্রিকেটত নেতৃত্বকেন্দ্রিক বিবাদঃ ৰোহিতৰে একেলগে নেখেলে কোহলিয়ে
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নেতৃত্বকেন্দ্রিক বিবাদে খলকনি তুলিছে ভাৰতীয় ক্রিকেট জগতত৷ বিৰাট কোহলিক আঁতৰাই ৰোহিত শর্মাক ভাৰতীয় এদিনীয়া দলৰ নেতৃত্বৰ দায়িত্ব অর্পণৰ পিছতে টীম ইণ্ডিয়াৰ আভ্যন্তৰীণ সংঘাত ক্রমাৎ পোহৰলৈ আহিছে৷ শেহতীয়া বাতৰি অনুসৰি টীম ইণ্ডিয়াৰ এদিনীয়া দলৰ প্রাক্তন অধিনায়ক তথা তাৰকা বেটছমেন কোহলিয়ে ৰোহিতৰ সৈতে একেলগে খেলিবলৈ অসন্মত হৈছে৷ সেয়ে তেওঁ আগন্তুক দক্ষিণ আফ্রিকা ভ্রমণত খেলিবলগীয়া এদিনীয়া শৃংখলাৰ পৰা বিশ্রাম বিচাৰি বিচিচিআইক অনুৰোধ জনাইছে৷
মন কৰিবলগীয়া যে আঘাতৰ বাবে ৰোহিত শর্মা টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে যদিও এদিনীয়া শৃংখলাৰ পূর্বে তেওঁ সুস্থ হৈ উঠাৰ আশা কৰা হৈছে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অহা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত ৰোহিতে ভাৰতীয় এদিনীয়া দলৰ পূর্ণাংগ অধিনায়ক হিচাপে কার্যভাৰ গ্রহণ কৰাৰ কথা আছে৷ কিন্তু ৰোহিতে নেতৃত্ব দিবলগীয়া এদিনীয়া শৃংখলাৰ পৰা বিৰাট কোহলি আঁতৰি থাকিব বিচাৰিছে৷ টীম ইণ্ডিয়াৰ এই দুগৰাকী তাৰকাৰ সংঘাতৰ কথা দীর্ঘদিন ধৰি ভাৰতীয় ক্রিকেট মহলত চলি আছিল যদিও এই ঘটনাই তেওঁলোকৰ সংঘাতৰ কাহিনী অধিক স্পষ্ট কৰি তুলিছে৷
উল্লেখ্য যে আই চি চি টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি–২০ দলৰ নেতৃত্বৰ দায়িত্ব স্বইচ্ছাই ত্যাগ কৰিলেও কোহলিয়ে এদিনীয়া আৰু টেষ্ট দলক নেতৃত্ব দি যোৱাৰ ইচ্ছা প্রকাশ কৰিছিল৷ কিন্তু বি চি চি আয়ে যোৱা সপ্তাহত সকলোকে আচৰিত কৰি ৰোহিত শর্মাক ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক নিযুক্ত কৰে৷ কোহলিৰ নেতৃত্বত টীম ইণ্ডিয়াই আই চি চিৰ কোনো ইভেণ্টত খিতাপ জয় কৰিব নোৱাৰাৰ বাবে ব’র্ডে ৰোহিতৰ ওপৰত আস্থা প্রকাশ কৰিছে যদিও ইয়াক লৈ দেশৰ ক্রিকেট মহলত তীব্র বিতর্কৰ সৃষ্টি হয়৷ বি চি চি আয়ে ৰোহিতক ভাৰতীয় টেষ্ট দলৰো সহঃ অধিনায়ক নিযুক্ত কৰিছে৷
ইফালে, বিৰাট কোহলিৰ পৰা এইপর্যন্ত আনুষ্ঠানিকভাৱে বিশ্রামৰ অনুৰোধ লাভ কৰা নাই বুলি বি চি চি আইৰ এগৰাকী শীর্ষ বিষয়াই জানিবলৈ দিছে৷ মন কৰিবলগীয়া যে অহা ২৬ ডিচেম্বৰৰ পৰা ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাত অৱতীর্ণ হ’ব৷ এই শৃংখলাত কোহলিয়ে টীম ইণ্ডিয়াক নেতৃত্ব দিব আৰু আঘাতৰ বাবে ৰোহিত দলৰ পৰা আঁতৰি থাকিব৷