অষ্ট্রেলিয়াৰ বিৰুদ্ধে আজি টীম ইণ্ডিয়াৰ অন্তিম ৱার্মআপ মেচ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ শক্তিশালী ইংলেণ্ডক প্রথম ৱার্মআপ মেচত পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই কাইলৈ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টি–২০ বিশ্বকাপৰ দ্বিতীয় তথা অন্তিমখন ৱার্মআপ মেচত অংশ ল’ব৷ দেওবাৰে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে হাই ভ’ল্টেজ মেচত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূর্বে কাইলৈৰ মেচখন ভাৰতৰ বাবে গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ এই মেচখনৰ জৰিয়তে কোহলি বাহিনীয়ে বিশ্বকাপত খেলিবলগীয়া মূল দলটো চূড়ান্ত কৰাৰ লক্ষ্য লৈছে৷ প্রথম ৱার্মআপ মেচত বিশ্রাম লোৱা তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ লগতে ৰবীন্দ্র জাদেজা, শার্দূল ঠাকুৰ আৰু বৰুণ চক্রৱর্তীয়ে বুধবাৰৰ মেচত খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে প্রথম ৱার্মআপ মেচত বিস্ফোৰক বেটিঙেৰে উদীয়মান বাঁওহতীয়া বেটছমেন ঈশান কিশনে ভাৰতীয় দলৰ মূল একাদশৰ শক্তিশালী দাবীদাৰ হৈ উঠিছে৷ এনে প্রেক্ষাপটত দলটোৱে টি–২০ বিশ্বকাপত অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ পৰিৱর্তে কিশনক মিডল অর্ডাৰত স্থান দিয়াৰ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বে হার্দিক আৰু কিশনৰ প্রদর্শন কাইলৈৰ মেচত লক্ষণীয় হ’ব৷ ইংলেণ্ডৰ বিৰুদ্ধে ব্যর্থ হোৱা সূর্য কুমাৰ যাদৱৰ ওপৰতো দলীয় মেনেজমেণ্টৰ নজৰ থাকিব৷
ইফালে, বলিঙত কিছু শুধৰণিৰ লক্ষ্যৰে দ্বিতীয় ৱার্মআপ মেচত কোহলি বাহিনী খেলপথাৰত নামিব৷ প্রথম মেচত জয়ী হ’লেও দলটোৰ বলাৰসকলে যথেষ্ট ৰান ব্যয় কৰাত ইংলেণ্ডে বৃহৎ স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়৷ মহম্মদ ছামিয়ে তিনিটা উইকেট দখল কৰে যদিও যথেষ্ট ৰান ব্যয় কৰে৷ স্পিনাৰ ৰাহুল চহৰেও ইংলেণ্ডৰ বেটছমেনক প্রভাৱিত কৰিব নোৱাৰিলে৷ আনহাতে, প্রথম ৱার্মআপ মেচত নিউজিলেণ্ডক তিনি উইকেটত পৰাস্ত কৰা অষ্ট্রেলিয়াৰ তাৰকা অ’পেনাৰ ডেভিদ ৱার্নাৰৰ ওপৰত সকলোৰে নজৰ থাকিব৷ প্রথমখন মেচত তেওঁ প্রথমটো বলতে আউট হৈছিল৷