নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেৱানডস্কি ফিফাৰ বর্ষশ্রেষ্ঠ খেলুৱৈ

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ  বেয়ার্ন মিউনিখৰ তাৰকা ষ্ট্রাইকাৰ ৰবার্ট লেৱানডস্কিয়ে ফিফাৰ বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে৷ জুৰিখত যোৱানিশা অনুষ্ঠিত ফিফাৰ বঁটা প্রদান অনুষ্ঠানত পোলেণ্ডৰ ৩২ বছৰীয়া ষ্ট্রাইকাৰগৰাকীয়ে এই বিৰল সন্মান গ্রহণ কৰে৷ চেম্পিয়নছ লীগত বেয়ার্ন মিউনিখৰ হৈ চমকপ্রদ প্রদর্শন দাঙি ধৰাৰ সুবাদত লেৱানডস্কিয়ে ছুপাৰষ্টাৰ লি’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডোক চেৰ পেলাই ফিফাৰ পুৰুষৰ বর্ষশ্রেষ্ঠ খেলুৱৈৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়৷

চেম্পিয়নছ লীগৰ সর্বাধিক গ’লদাতা হিচাপে চিহ্ণিত হোৱা বেয়ার্ন মিউনিখৰ তাৰকাগৰাকীক যোৱা অক্টোবৰত উৱেফাই বর্ষশ্রেষ্ঠ ইউৰোপিয়ান খেলুৱৈৰ বঁটাও প্রদান কৰিছিল৷ উল্লেখ্য যে চেম্পিয়নছ লীগত বেয়ার্ন মিউনিখে খিতাপ জয়ত মুখ্য ভূমিকা গ্রহণ কৰি লেৱানডস্কিয়ে ১৫টা গ’ল কৰিবলৈ সক্ষম হৈছিল৷ ইফালে, ইংলেণ্ডৰ ডিফেণ্ডাৰ লাকী ব্রঞ্জক ফিফাৰ বর্ষশ্রেষ্ঠ মহিলা খেলুৱৈৰ সন্মান আগবঢ়োৱা হৈছে৷

You might also like