কোৱাৰেণ্টাইন সম্পূর্ণ অনুশীলন কৰিব পাৰিব মেৰীকমে
নিয়মীয়া বাৰ্তা, ১৬ মে’: আগন্তুক টকিঅ’ অলিম্পিকলৈ অনুশীলন আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকমে৷ পুনেৰ ৰাষ্ট্রীয় বক্সিং শিবিৰত সাতদিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰাৰ পিছত ৩৮ বছৰীয়া বক্সাৰগৰাকীয়ে এতিয়া অনুশীলন আৰম্ভ কৰিব পাৰিব৷
উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা দেশৰ আন তিনিগৰাকী মহিলা বক্সাৰে ইতিমধ্যে পুনেত অনুশীলন চলাই আছে৷ তেওঁলোক হ’ল অসমকন্যা লাভলিনা বৰগোহাঁই, পূজাৰাণী আৰু ছিমৰনজিৎ কৌৰ৷ উত্তৰ–পূবৰ গৌৰৱ মেৰীকমে টকিঅ’ অলিম্পিকৰ মহিলাৰ ৫১ কেজি ইভেণ্টত দেশক প্রতিনিধিত্ব কৰিব৷ একেদৰে অসম কন্যা লাভলিনাই ৬৯ কেজি ইভেণ্টত অলিম্পিকৰ মঞ্চত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷
অনুশীলনত মেৰীকমৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিবলৈ দুগৰাকী পুৰুষ বক্সাৰক বাছনি কৰা হৈছে৷ আর্মী স্প’টছ ইনষ্টিটিউচনৰ বক্সাৰ দুগৰাকীৰ বিৰুদ্ধে খেলি মেৰীকমে আগন্তুক অলিম্পিকলৈ নিজকে সাজু কৰিব৷