২৫ জুলাইত মেৰীকমৰ সন্মুখত হার্নাণ্ডেজঃ প্রি–কোৱার্টাৰলৈ ৪ ভাৰতীয় বক্সাৰ
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতৰ কিংবদন্তি মহিলা বক্সাৰ এম চি মেৰীকমে অহা ২৫ জুলাইত টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব৷ অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী মণিপুৰী বক্সাৰগৰাকীৰ প্রথম প্রতিদ্বন্দ্বী হ’ব ড’মিনিকাৰ মিগুইলীনা হার্নাণ্ডেজ৷
ইফালে কমনৱেল্থ গেমছৰ ৰূপৰ পদক বিজয়ী উদীয়মান বক্সাৰ মনীষ কৌশিকে ব্রিটেইনৰ তাৰকা লিউক মেকক’ৰমেকৰ বিৰুদ্ধে খেলি অলিম্পিকত অভিযান আৰম্ভ কৰিব৷
আনহাতে বিশ্বৰ শীর্ষস্থানপ্রাপ্ত তাৰকা অমিত পাংহালকে ধৰি ভাৰতৰ চাৰিগৰাকী বক্সাৰে বাই লাভ কৰি প্রি–কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে৷
এছিয়ান গেমছৰ স্বর্ণপদক বিজয়ী ২৫ বছৰীয়া পাংহালে অহা ৩১ জুলাইত প্রি–কোৱার্টাৰ ফাইনেল খেলিব৷ একেদৰে অসম কন্যা লাভলীনা বৰগোহাঁই, চিমৰণজিৎ কৌৰ আৰু বিকাশ কৃষণেও প্রথম ৰাউণ্ডত বাই লাভ কৰিছে৷