সংসাৰক লৈ চিন্তিত বিৰাট কোহলি, মেৰী কমৰ সৈতে বাৰ্তালাপ
নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ সন্দেহ নাই যে চলিত আই পি এলত বিৰাট কোহলিৰ প্ৰদৰ্শন ক্ৰমে উন্নতৰ হৈছে। আৰ চি বিৰ সামগ্ৰিক প্ৰদৰ্শনো ভালেই। কিন্তু এটা চিন্তাই বিৰাট কোহলিক কিছু চিন্তিত কৰি তুলিছে। সেয়া খেলৰ বিষয়ক লৈ নহয়, নিজৰ সংসাৰক লৈ।
আই পি এলৰ আৰম্ভণিতে অভিনেত্ৰী অনুষ্কা শৰ্মাই জনাইছিল যে তেওঁ মাতৃ হ’বলৈ গৈ আছে। অহা জানুৱাৰীৰ শেষৰ ফালে মাতৃত্বপ্ৰাপ্তিৰ সম্ভাৱনাও ব্যক্ত কৰিছে। গতিকে বিৰাট কোহলিৰ চিন্তা হৈছে- পতিৰ পৰা পিতৃলৈ কৰা যাত্ৰাই তেওঁৰ ক্ৰিকেট কেৰিয়াত কিবা প্ৰভাৱ পেলাব নেকি? কেৰিয়াৰ আৰু সংসাৰ- দুয়োটাৰ মাজত সামঞ্জস্য ৰখাটো কিদৰে সম্ভৱ?
এনে সাংসাৰিক প্ৰশ্নৰ সমিধানৰ বাবে ভাৰতীয় ক্ৰিকেটৰ কেপ্টেইনগৰাকী শৰণাপন্ন হ’ল বক্সাৰ মেৰী কমৰ। নিজে মেৰী কমৰ আগত স্বীকাৰো কৰিলে যে তেওঁ নিজেও পিতৃ হ’বলৈ ওলোৱাত এই প্ৰশ্নই মনলৈ আহি আছে আৰু মেৰী কমৰ বাহিৰে এই প্ৰশ্নৰ উত্তৰ আনে ভালদৰে দিব নোৱাৰিব।
পুমা ইণ্ডিয়াৰ ইনষ্টাগ্ৰাম লাইভ চাটত সুবিধা পাই তেওঁ মেৰী কমক সুধিলে সংসাৰ আৰু বক্সাৰৰ মাজত সামঞ্জস্য কিদৰে সম্ভৱপৰ কৰি তুলিলে তেওঁ? কেনেদৰে তিনিটা সন্তানৰ মাতৃ হোৱা সত্ত্বেও তেওঁ বক্সাৰ জগতত এক বিশেষ আসন দখল কৰিলে?
মেৰী কমৰ উত্তৰত আশ্বস্ত হয় বিৰাট। এটা ডাঙৰ চিন্তাৰ পৰা যেন মুক্তি পায় তেওঁ। মেৰী কমৰ সাংসাৰিক জীৱন ভাৰতৰ সকলো পিতৃ-মাতৃৰ বাবে অনুকৰণীয় বুলি উল্লেখ কৰি বিৰাটে কয় যে অনুষ্কা আৰু তেঁৱো মেৰী কমৰ দৰে সংসাৰ আৰু কেৰিয়াৰৰ সামঞ্জস্য বৰ্তাই ৰাখিব। মেৰী কম হ’ব দুয়োৰে বাবে অনুকৰণীয় আদৰ্শ।