নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰিব মায়ংকে

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ আঘাতপ্রাপ্ত অ’পেনাৰ শুভমন গীলৰ স্থানত ইংলেণ্ডলৈ আন এগৰাকী অ’পেনাৰ প্রেৰণ কৰা নহয় বুলি বি চি চি আয়ে স্পষ্ট কৰি দিছে৷ ব’ডৰ এক সূত্রই  কয় যে সম্প্রতি ইংলেণ্ডত থকা ২৪জনীয়া দলটো বাছনি কৰাৰ সময়ত অধিনায়ক বিৰাট কোহলি উপস্থিত আছিল আৰু তেওঁ পৃথ্বি শ্বৰ বিষয়টো উত্থাপন কৰা নাছিল৷

দলত ইতিমধ্যে চাৰিগৰাকীকৈ অ’পেনাৰ আছে৷ অহা মাহত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ টেষ্ট শৃংখলাটোত অভিজ্ঞ তাৰকা ৰোহিত শর্মাৰ সৈতে মায়ংক আগৰৱালে টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰিব আৰু অভিমন্যু ঈশ্বৰন ষ্টেণ্ডবাই অ’পেনাৰ হিচাপে থাকিব বুলি বি চি চি আইৰ সূত্রটোৱে উল্লেখ কৰে৷

ইফালে, সূত্রটোৱে পুনৰ কয় যে উদীয়মান অ’পেনাৰ পৃথ্বি শ্বই টেষ্ট দললৈ প্রত্যাৱর্তনৰ বাবে ঘৰুৱা ক্রিকেটত ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ বিগত নিউজিলেণ্ড আৰু অষ্ট্রেলিয়া ভ্রমণত শোচনীয় প্রদর্শন দাঙি ধৰাৰ পিছত তেওঁ টেষ্ট দলৰ পৰা বাদ পৰিছিল৷

You might also like