উৰন্ত শিখ মিলখা সিং আৰু নাই; ক’ভিডত আক্ৰান্ত হৈ শেষনিশ্বাস ত্যাগ
নিয়মীয়া বাৰ্তা ১৯ জুনঃ উৰন্ত শিখ মিলখা সিং আৰু নাই । ক’ভিডত আক্ৰান্ত হৈ শনিবাৰে চণ্ডীগড়ত শেষনিশ্বাস ত্যাগ কৰে মিলখা সিঙে।
এছিয়ান গেমছত ৪ বাৰৰ গল্ড মেডেলিষ্ট আৰু ১৯৫৮ চনৰ কমনৱেল্থ গেমছৰ ছেম্পিয়নজন মে’ মাহত ক’ভিডত আক্ৰান্ত হৈছিল। শেহতীয়াকৈ ক’ভিড নিগেটিভ হোৱাৰ পাছতো শৰীৰত জটিল ৰোগত আক্ৰান্ত হৈছিল।
উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা দৌৰবিদজনৰ শৰীৰত হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমান। ইপিনে মৃত্যুৰ সময়ত পদ্মশ্ৰী মিলখা সিঙৰ বয়স আছিল ৯১ বছৰ।