নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত কিংবদন্তি মিলখা সিং

নিয়মীয়া বাৰ্তা ২১ মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল ভাৰতৰ কিংবদন্তি এথলীট মিলখা সিং৷ তাৰকা স্প্রিণ্টাৰগৰাকী বুধবাৰে সন্ধিয়া ক’ৰোনাত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ বর্তমান মিলখা সিঙে চণ্ডীগড়স্থিত নিজা বাসভৱনত হোম আইছ’লেচন হৈ আছে৷ মন কৰিবলগীয়া যে ফ্লায়িং শিখ নামেৰে জনাজাত ৯১ বছৰীয়া মিলখা সিঙৰ দেহত ক’ৰোনা ভাইৰাছৰ কোনোধৰণৰ লক্ষণ নাছিল৷

ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত কিংবদন্তি স্প্রিণ্টাৰগৰাকীয়ে কয় যে তেওঁলোকৰ ঘৰৰ সহায়কাৰী কেইগৰাকীমান ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ পৰীক্ষা কৰা হয় আৰু তেওঁ পজিটিভ হয়৷ তেওঁ নিজে পজিটিভ হোৱাত আশ্চর্য প্রকাশ কৰি মিলখা সিঙে কয় যে মই বর্তমান সম্পূর্ণ সুস্থ আৰু মোৰ কোনো জ্বৰ আৰু চর্দি–কাহ নাছিল৷ চিকিৎসকৰ লগত যোগাযোগ কৰাত তেওঁ কয় যে ৩–৪ দিনৰ ভিতৰত সকলো ঠিক হৈ যাব৷

১৯৬০ চনৰ ৰোম অলিম্পিকৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত চতুর্থ স্থান লাভ কৰা মিলখা সিঙে ১৯৫৮ আৰু ১৯৬২ চনৰ এছিয়ান গেমছত স্বর্ণপদক জয় কৰাৰ লগতে ১৯৫৬ চনত মেলব’ন, ১৯৬০ চনৰ ৰোম আৰু ১৯৬৪ চনত টকি’ত অনুষ্ঠিত গ্রীষ্ম অলিম্পিকত ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰিছিল৷ কমনৱেলথ গেমছত ভাৰতৰ হৈ স্বর্ণপদক জয় কৰা মিলখা সিং হ’ল প্রথমগৰাকী এথলীট৷

You might also like