ছিংগাপুৰত সোণা জিকি উজলিল মীৰাবাঈ চানু
বিশেষ বাৰ্তা, ২৫ফেব্ৰুৱাৰীঃ বিগত বছৰৰ টকিঅ’ অলিম্পিকত ভাৰতক প্রথম পদকটো আনি দিছিল মীৰাবাঈ চানুৱে। মণিপুৰৰ কর্নম মালেশ্বৰীৰ পাছত ভাৰতৰ দ্বিতীয় ভাৰোত্তোলক হিচাপে অলিম্পিকত পদক জিকিছিল তেওঁ। মীৰাবাঈৰ পৰৱৰ্তী লক্ষ্য বার্মিংহাম। অহা কমনৱেলথ গেমছৰ বাবে কোৱালিফাই কৰিলে মীৰাবাঈয়ে। শুকুৰবাৰে ছিংগাপুৰৰ ইন্টাৰনেশ্বনেল কোৱালিফায়িং ইভেন্টত সোণা জিকি কমনৱেলথৰ টিকট নিশ্চিত কৰিলে মীৰাবাঈয়ে। বিগত ডিচেম্বৰত বিশ্ব চেম্পিয়নশ্বিপত অংশ নল’লে মীৰাবাঈয়ে। সাত মাহ পাছত পুনৰ উজলিল মীৰাবাঈ।