নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একালৰ তাৰকা মোহিত শর্মা এতিয়া গুজৰাটৰ নেট বলাৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ টীম ইণ্ডিয়াৰ একালৰ উদীয়মান তাৰকা মোহিত শর্মা এতিয়া আই পি এলৰ নৱাগত দল গুজৰাট টাইটানছৰ নেট বলাৰ৷ ২০১৪ত চেন্নাই ছুপাৰ কিংছৰ হৈ চমকপ্রদ বলিঙেৰে আই পি এলত সর্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হোৱা হাৰিয়ানাৰ মিডিয়াম পেচাৰগৰাকীক শেহতীয়াকৈ হার্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে দলটোৰ নেট বলাৰ হিচাপে আমন্ত্রণ জনাইছে৷

মন কৰিবলগীয়া যে এটা সময়ত আই পি এলত সুন্দৰ বলিঙেৰে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াৰ নিয়মীয়া সদস্য হৈ পৰা মোহিত শর্মাক এইবাৰৰ মেগা নিলামত আই পি এলৰ কোনো এটা দলে ক্রয় নকৰিলে৷ ২০১৩ৰ পৰা ২০১৫লৈ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি ধোনীৰ প্রিয়পাত্র হৈ পৰা ৩৩ বছৰীয়া মিডিয়াম পেচাৰগৰাকীয়ে ২০১৬ৰ পৰা ২০১৮লৈ পঞ্জাব কিংছক প্রতিনিধিত্ব কৰাৰ পিছত ২০১৯ত পুনৰ চি এছ কেলৈ উভতে৷ কিন্তু পূর্বৰ দৰে এইবাৰ তেওঁ চি এছ কেৰ জার্ছীত বিশেষ চমক দেখুৱাব নোৱাৰাত দলটোৱে পৰৱর্তী বর্ষত মোহিতক ত্যাগ কৰে৷ ২০২০ত দিল্লী কেপিটেলছৰ হৈ খেলা মোহিতে আই পি এলত ৮৬খন মেচত ৯২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ হৈ ২৬খন এদিনীয়া আৰু ৮খন টি–২০ মেচ খেলা ক্রিকেটাৰগৰাকীয়ে ২০১৪ৰ টি–২০ বিশ্বকাপ আৰু ২০১৫ৰ এদিনীয়া বিশ্বকাপতো দেশক প্রতিনিধিত্ব কৰিছিল৷

You might also like