শক্তিশালী মুম্বাইৰ সন্মুখত কিংছ একাদশ পঞ্জাব
নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ ক্রমাগত পাঁচখনত মেচত জয়েৰে শক্তিৰ পৰিচয় দিয়া ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷ ডুবাই আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব কিংছ একাদশ পঞ্জাব৷ শক্তিশালী বেটিং লাইনআপ আৰু ক্ষুৰধাৰ বলিং আক্রমণৰ সহায়ত চলিত আই পি এলত অপ্রতিৰোধ্য হৈ উঠা মুম্বাই ইণ্ডিয়ানছে এখন মেচত জয়ী হ’লেই প্লে অফত স্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ব৷ পইণ্ট তালিকাৰ শীর্ষস্থান অধিকাৰ কৰি থকা দলটোক আত্মবিশ্বাসী কৰি ৰাখিছে অধিনায়ক ৰোহিত শর্মা আৰু তেওঁৰ অ’পেনিং সহযোগী কুইণ্টন ডি ককৰ চমকপ্রদ ফর্মে৷ এতিয়ালৈকে ৰোহিতে ২৫১ ৰান আৰু ডি ককে ২৬৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ মিডল অর্ডাৰতো দলৰ প্রত্যাশা পূৰণ কৰিছে সূর্য কুমাৰ যাদৱ (২৪৩ ৰান) আৰু ঈশান কিষণে (১৮৬ ৰান)৷
বলিঙত তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু ট্রেণ্ট বল্টৰ লগতে উদীয়মান স্পীনাৰ ৰাহুল চহৰে দর্শনীয় বলিঙেৰে প্রতিপক্ষৰ বেটছমেনক বান্ধি ৰাখিব পাৰিছে৷ আনহাতে ছখন মেচৰ পৰাজয়ৰ পিছত শেহতীয়াকৈ জয়ৰ মুখ দেখা কিংছ একাদশ পঞ্জাবে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ এই মুহূর্তত দলটোৱে এখন মেচত পৰাস্ত হ’লেই প্লে অফৰ দৌৰৰ পৰা আঁতৰ হ’ব৷ আৰ চি বিৰ বিৰুদ্ধে চলিত আই পি এলত প্রথমখন মেচ খেলাৰ সুযোগ লাভ কৰা বিস্ফোৰক বেটছমেন ক্রিছ গেইলৰ আগমনে দলটোৰ আত্মবিশ্বাস কিছু পৰিমাণে বৃদ্ধি কৰিছে৷
শেহতীয়া মেচখনত তেওঁ ৪৫ বলত ৫৩ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলিছিল৷ একেদৰে অধিনায়ক লোকেশ ৰাহুল আৰু অ’পেনাৰ মায়ংক আগৰৱাল সুন্দৰ ফর্মত আছে৷ প্রতিযোগিতাখনত এইপর্যন্ত ৰাহুলে ৩৮৭ ৰান আৰু মায়ংকে ৩৩৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷