সর্বকনিষ্ঠ আম্পায়াৰ হিচাপে আই চি চি এলিট পেনেলত ভাৰতৰ নিতিন
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ সর্বকনিষ্ঠ আম্পায়াৰ হিচাপে আই চি চি এলিট পেনেলত স্থান লাভ কৰিলে ভাৰতৰ নিতিন মেননে৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিয়ে ঘোষণা কৰা ২০২০–২১ বর্ষৰ আই চি চি এলিট পেনেলত ৩৬ বছৰীয়া ভাৰতীয় আম্পায়াৰগৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
তিনিখন টেষ্ট, ২৪খন এদিনীয়া আৰু ১৬খন টি–২০ মেচত আম্পায়াৰৰ দায়িত্ব বহন কৰা নিতিন মেননে ইংলেণ্ডৰ নিগেল লঙক আঁতৰাই আই চি চিৰ এলিট পেনেলত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে আই চি চিৰ এলিট পেনেলত স্থান লাভ কৰা নিতিন মেনন হ’ল ভাৰতৰ তৃতীয়গৰাকী আম্পায়ৰ৷
ইয়াৰ পূর্বে শ্রীনিৱাস ভেংকটৰাঘৱন আৰু সুন্দৰম ৰবিয়ে আই চি চি এলিট পেনেলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ নিতিনৰ উপৰি এলিট পেনেলত স্থান লাভ কৰা আন আম্পায়াৰসকল হ’ল– আলিম ডাৰ, কুমাৰ ধর্মসেনা, মাৰাইছ ইৰাছমাছ, ক্রিছ গাফানে, মাইকেল গ’ঘ, ৰিচার্ড ইলিংৱর্থ, ৰিচার্ড কেটলব’ৰঘ, পল ৰেইফেল, ৰড টাকাৰ, জেল উইলছন আৰু ব্রুছ অক্সেনফ’ড৷