নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিডিয়া ক্ৰিকেটত নিউজ লাইভৰ বৃহৎ জয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ টিজি বৰুৱা মিডিয়া ক্ৰিকেটত বিজয় সাব্যস্ত কৰিছে নিউজ লাইভ দলে। আজি জজ খেলপথাৰত অনুষ্ঠিত খেলখনত নিউজ লাইভে আউট ষ্টেচন মিডিয়া একাদশক ৯ উইকেটত পৰাস্ত কৰে। খেলখনত টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় নিউজ লাইভে। নিউজ লাইভৰ বলাৰৰ ত্ৰাসত আউট ষ্টেচন মিডিয়া একাদশে মাত্ৰ ৮৮ ৰানতে ইনিংছ সামৰে। প্ৰত্যুত্তৰত নিউজ লাইভে মাত্ৰ এটা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। উল্লেখ্য যে নিউজ লাইভে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ হেতু প্ৰথম কোৱাটাৰ ফাইনেলখন ২৭ তাৰিখে ৯ বজাত হ’ব ।

You might also like