২০২১ ছিজন সামৰিলে নীৰজ চোপ্রাই
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ দেশবাসীৰ দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই টকিঅ অলিম্পিকৰ পৰা ঐতিহাসিক স্বর্ণ পদক কঢ়িয়াই অনা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই ২০২১ৰ ছিজন সামৰাৰ সিদ্ধান্ত লৈছে৷ অত্যন্ত ব্যস্ত ভ্রমণসূচী আৰু বেমাৰৰ বাবে সময়মতে অনুশীলন আৰম্ভ কৰিব নোৱৰাৰ বাবে ২৩ বছৰীয়া তাৰকাগৰাকীয়ে চলিত ছিজনত কোনো প্রতিযোগিতাত অংশ নোলোৱাৰ কথা ঘোষণা কৰিছে৷
ছ’চিয়েল মিডিয়াত তেওঁ কয় যে ব্যস্ত ভ্রমণসূচী আৰু বেমাৰৰ বাবে তেওঁ টকিঅ’ৰ পৰা উভতি অহাৰ পিছৰে পৰা পুনৰ অনুশীলনত নামিব পৰা নাই৷ সেয়ে ২০২১ৰ ছিজনৰ পৰা আঁতৰি থাকি ২০২২ৰ ব্যস্ত আন্তঃৰাষ্ট্রীয় সূচীলৈ সাজু হোৱাৰ সিদ্ধান্ত লৈছে৷
উল্লেখ্য যে ২০২২ত বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ দৰে মেগা ইভেণ্টত নীৰজ চোপ্রাই দেশক প্রতিনিধিত্ব কৰিব৷ টকিঅ’ অলিম্পিকৰ জেভলিন থ্র’ৰ ফাইনেলত ৮৭.৫৮ মিটাৰ থ্র’ কৰি তাৰকা খেলুৱৈগৰাকীয়ে সমগ্র বিশ্বৰ ক্রীড়া মহলত খলকনি তুলি দেশলৈ সোণৰ পদক কঢ়িয়াই আনে৷ এই ঐতিহাসিক প্রদর্শন দাঙি ধৰি দেশলৈ ওভতাৰ পিছৰে পৰা ইখনৰ পিছত সিখন সম্বর্ধনা সভাই নীৰজ চোপ্রাক ব্যতিব্যস্ত কৰি তুলিছে৷ ব্যস্ত সূচীৰ ফলত তেওঁ সামান্য জ্বৰত ভুগিবলগীয়াও হয়৷