পাৰিশ্রমিক কর্তন নহয় খেলুৱৈৰঃ বিচিচিআই
নিয়মীয়া বাৰ্তা ১৬ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে ভাৰতীয় ক্রিকেট দলটোৰ খেলুৱৈসকলৰ বাবে এক সুখবৰ৷ বিগত দুমাহ ধৰি সকলো ধৰণৰ ক্রিকেট প্রতিযোগিতা বন্ধ হৈ থাকিলেও টীম ইণ্ডিয়াৰ খেলুৱৈসকলৰ পাৰিশ্রমিক কর্তন নহয়৷– আজি এই কথা স্পষ্ট কৰি দিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ সংবাদ প্রতিষ্ঠানেৰে হোৱা এক বার্তালাপত বি চি চি আইৰ সভাপতিগৰাকীয়ে কয় যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ২৯ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা আই পি এলখন অনির্দিষ্টকাললৈ স্থগিত ৰখা হৈছে৷ পৰৱর্তী সময়ত আই পি এলখন অনুষ্ঠিত কৰিব নোৱাৰিলে বি চি চি আইৰ প্রায় চাৰি হাজাৰ কোটি টকা লোকচান হ’ব৷ আই পি এলৰ ত্রয়োদশ সংস্কৰণটো বাতিল হ’লেও ভাৰতীয় ক্রিকেট দলটোৰ খেলুৱৈসকলৰ পাৰিশ্রমিক কর্তন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ব’র্ডে৷ অৱশ্যে আই পি এলখনৰ বাবে হ’বলগীয়া লোকচানখিনি বচাবৰ বাবে বিকল্প চিন্তা কৰা হৈছে বুলি উল্লেখ কৰি ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে অন্য খৰচ কমাই আই পি এলৰ পৰা হ’বলগীয়া লোকচানখিনি পূর্ণ কৰাৰ চেষ্টা চলাব৷
খেলুৱৈসকলৰ পাৰিশ্রমিক কর্তন কৰা নহয় যদিও কর্মচাৰী আৰু বিষয়ববীয়াসকলৰ অন্যান্য খৰচসমূহ কর্তন কৰাৰ বিষয়ে চিন্তা–চর্চা কৰি থকা হৈছে বুলি গাংগুলীয়ে মন্তব্য কৰে৷ ইফালে, টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণকালত ঘৰুৱা দলটোৰে খেলিবলগীয়া টেষ্ট শৃংখলাটো সন্দর্ভতো মন্তব্য আগবঢ়ায়৷ উক্ত ভ্রমণকালত ভাৰতীয় দলটোৱে চাৰিখন টেষ্ট মেচত অংশ লোৱাৰ কথা যদিও ক্রিকেট অষ্ট্রেলিয়াই চাৰিখনৰ পৰিৱর্তে পাঁচখন টেষ্ট খেলাৰ ইচ্ছা প্রকাশ কৰিছিল৷ কিন্তু বর্তমান পৰিস্থিতিলৈ চাই অষ্ট্রেলিয়া ভ্রমণকালত ভাৰতীয় দলটোৱে যে পাঁচখন টেষ্ট মেচ খেলিব পাৰিব সেয়া সম্ভৱপৰ নহ’ব৷ কিয়নো, টেষ্ট মেচৰ লগতে অষ্ট্রেলিয়া দলটোৰ সৈতে এদিনীয়া আৰু টি–২০ মেচতো ভাগ ল’ব লাগিব৷ ইয়াৰ মাজতে অষ্ট্রেলিয়াত আই চি চি টি–২০ বিশ্বকাপ প্রতিযোগিতাখনো অনুষ্ঠিত হ’ব৷ আনহাতে, শৃংখলাটো আৰম্ভ হোৱাৰ পূর্বে খেলুৱৈসকলে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনতো থাকিব লাগিব৷ গতিকে, সময়ৰ অভাৱ হোৱা হেতুকে দুয়ো দেশৰ মাজত পাঁচখনীয়া টেষ্ট শৃংখলাটো খেলাটো কঠিন হৈ পৰিব বুলি বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে সংবাদ প্রতিষ্ঠানৰ আগত মন্তব্য কৰে৷