অলিম্পিকত স্বৰ্ণ জয়ৰ পাছত আন এক সপোন পূৰণ হ’ল নীৰজ চোপ্রাৰ; দিলে হৃদয়স্পৰ্শী বাৰ্তা…
নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ দেশবাসীৰ দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই টকিঅ অলিম্পিকৰ পৰা ঐতিহাসিক স্বর্ণ পদক কঢ়িয়াই অনা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ আন এটা সপোন দিঠকত পৰিণত হৈছে। জেভলিন থ্ৰোত ভাৰতৰ প্ৰথমটো অলিম্পিক পদক অৰ্জন কৰা নীৰজে শনিবাৰে টুইট কৰি আনন্দিত তেওঁৰ আন এক সপোন পূৰণৰ কথা উল্লেখ কৰে।
টুইটযোগে খেলুৱৈগৰাকীয়ে এখন ছবি চেয়াৰ কৰিছিল আৰু লিখিছিল- ‘আজি মোৰ জীৱনৰ আন এটা সপোন সঁচা হ’ল। মোৰ মা-দেউতাক প্ৰথমবাৰলৈ বিমান যাত্ৰা কৰোৱাৰ ইচ্ছা আছিল। সেই ইচ্ছা মই পূৰণ কৰিবলৈ সক্ষম হৈছো। সকলোৰে আশীৰ্বাদৰ বাবে মই সদায় কৃতজ্ঞ হৈ থাকিম।’
A small dream of mine came true today as I was able to take my parents on their first flight.
आज जिंदगी का एक सपना पूरा हुआ जब अपने मां – पापा को पहली बार फ्लाइट पर बैठा पाया। सभी की दुआ और आशिर्वाद के लिए हमेशा आभारी रहूंगा ?? pic.twitter.com/Kmn5iRhvUf
— Neeraj Chopra (@Neeraj_chopra1) September 11, 2021
উল্লেখ্য যে ২০২২ত বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ দৰে মেগা ইভেণ্টত নীৰজ চোপ্রাই দেশক প্রতিনিধিত্ব কৰিব৷ টকিঅ’ অলিম্পিকৰ জেভলিন থ্র’ৰ ফাইনেলত ৮৭.৫৮ মিটাৰ থ্র’ কৰি তাৰকা খেলুৱৈগৰাকীয়ে সমগ্র বিশ্বৰ ক্রীড়া মহলত খলকনি তুলি দেশলৈ সোণৰ পদক কঢ়িয়াই আনে৷