টকিঅ’ অলিম্পিকত দেখা নাযাব বিদেশী দর্শক
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ক্রীড়া ইতিহাসত প্রথমবাৰৰ বাবে বিদেশী দর্শক অবিহনে অনুষ্ঠিত হ’ব বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ পৰা খেলুৱৈ তথা দেশবাসীক নিৰাপদে ৰখাৰ উদ্দেশ্যে টকিঅ’ অলিম্পিকৰ আয়োজক মণ্ডলীয়ে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে৷ এক বিবৃতিত স্থানীয় উদ্যোক্তা কমিটীয়ে প্রকাশ কৰিছে যে জাপান চৰকাৰ, আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী, আন্তঃৰাষ্ট্রীয় পেৰা অলিম্পিক কমিটীৰ সর্বসন্মত সিদ্ধান্ত অনুসৰি এইবাৰৰ অলিম্পিকত বিদেশী দর্শক দেখিবলৈ পোৱা নাযাব৷
জাপানৰ লগতে সমগ্র বিশ্বত সম্প্রতি ক’ভিড–১৯ৰ পৰিৱেশ যথেষ্ট উদ্বেগজনক হৈ থকাৰ প্রতি লক্ষ্য ৰাখি সকলো পক্ষই বিদেশী দর্শকৰ প্রৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্তত উপনীত হোৱা বুলি উদ্যোক্তা কমিটীয়ে উল্লেখ কৰিছে৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, ঘৰুৱা দর্শকৰ প্রৱেশৰ ক্ষেত্রতো যথেষ্ট বাধ্য–বাধকতা আৰোপ কৰা হ’ব৷
উল্লেখ্য যে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক–২০২০ টকিঅ’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ভয়াৱহ মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে মেগা ইভেণ্টখন ২০২১ৰ জুলাইলৈ পিছুৱাই দিয়া হয়৷