টকিঅ’ত বর্ণিল শুভাৰম্ভ পেৰা অলিম্পিকৰ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: টকিঅ’ অলিম্পিকৰ সফল সামৰণিৰ পিছত এইবাৰ জাপানৰ ৰাজধানী চহৰ টকিঅ’ত আৰম্ভ হৈছে বিশ্বৰ প্রতিভাসম্পন্ন দিব্যাংগ খেলুৱৈসকলৰ শ্রেষ্ঠত্ব প্রদর্শনৰ যুঁজ পেৰা অলিম্পিক৷
১৬২খন দেশে অংশগ্রহণ কৰা মেগা ইভেণ্টখনৰ মঙলবাৰে সন্ধিয়া বর্ণিল শুভাৰম্ভণি ঘটে৷ টকিঅ’ৰ নেচনেল ষ্টেডিয়ামত জাপানৰ সম্রাট নাৰুহিট’ৱে টকিঅ’ পেৰা অলিম্পিক আনুষ্ঠানিকভাৱে মুকলি কৰে৷
উল্লেখ্য যে অহা ৫ ছেপ্ঢেম্বৰলৈ চলিবলগীয়া প্রতিযোগিতাখনত ভাৰতৰ ৫৪গৰাকী পেৰা এথলিটে ৯টা ক্রীড়া ইভেণ্টত অংশ ল’ব৷ মঙলবাৰে সম্পন্ন হোৱা বর্ণিল শুভাৰম্ভ অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰে শ্বটপুটাৰ টেক চান্দে৷ ২০১৬ৰ ৰিঅ’ পেৰা অলিম্পিকৰ পদক বিজয়ী মাৰিয়াপ্পা থাংগাভেলুৱে ভাৰতীয় দলৰ পতাকা বহন কৰাৰ কথা আছিল যদিও টকিঅ’লৈ যোৱাৰ সময়ত তেওঁ ক’ভিড পজিটিভ ব্যক্তিৰ সংস্পর্শলৈ অহাত শ্বটপুটাৰ টেক চান্দক পতাকা বহনৰ দায়িত্ব অর্পণ কৰা হয়৷ থাংগাভেলু সম্প্রতি আইছ’লেচনত আছে৷
ইফালে, টকিঅ’ পেৰা অলিম্পিকত অংশ লোৱা ভাৰতৰ ৫৪জনীয়া দলটোক শুভেচ্ছা জনাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দেশৰ পেৰা এথলিটসকলে টকিঅ’ পেৰা অলিম্পিকত উৎকৃষ্ট প্রদর্শনেৰে দেশবাসীক অনুপ্রাণিত কৰিব বুলি প্রধানমন্ত্রীয়ে টুইটাৰত উল্লেখ কৰিছে৷ মেগা ইভেণ্টখনৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰি থকাৰ এটা ভিডিঅ’ প্রধানমন্ত্রী মোদীয়ে টুইটাৰত শ্বেয়াৰ কৰা দেখা গৈছে৷