নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইলৈ ধোনীৰ ফার্ম হাউছৰ জৈৱিক শাক–পাচলি

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ খেলপথাৰ এৰি জৈৱিক কৃষি কার্যত মনোনিৱেশ কৰা মহেন্দ্র সিং ধোনীৰ ফার্ম হাউছৰ শাক–পাচলি শীঘ্রেই ৰপ্তানি হ’ব ডুবাইলৈ৷ ঝাৰখণ্ড কৃষি বিভাগৰ তৎপৰতাত চলিত মাহৰ ভিতৰতে এই কার্য আৰম্ভ হ’ব বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমে দাবী কৰিছে৷

উল্লেখ্য যে ৰাঁচীৰ ৰিং ৰোডৰ নিকটৱর্তী চেম্বো গাঁৱৰ প্রায় ৪৩ একৰ ভূমিজুৰি থকা ধোনীৰ বৃহৎ ফার্ম হাউছৰ ১০ একৰ মাটিত বিভিন্ন জৈৱিক শাক–পাচলিৰ উন্নতমানৰ খেতি কৰা হৈছে৷ ক্রিকেটৰ পথাৰৰ অন্যতম সফল অধিনায়ক তথা বিশ্বৰ শ্রেষ্ঠ ফিনিছাৰগৰাকীৰ সুবৃহৎ ফার্ম হাউছত উৎপাদিত ষ্ট্র’বেৰী, বন্ধাকবি, বিলাহী, ব্র’ক’লি, মটৰ, অমিতা আদি শাক–পাচলিৰ বৃহৎ চাহিদা দেখিবলৈ পোৱা গৈছে৷

উল্লেখ্য যে বিগত বর্ষৰ স্বাধীনতা দিৱসত দেশৰ ক্রিকেটপ্রেমীক হতচকিত কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱা ধোনীয়ে আই পি এল খেলি ডুবাইৰ পৰা উভতি অহাৰ পিছতে নিজৰ ফার্ম হাউছত কুকুৰা পালনৰ ব্যৱসায় আৰম্ভ কৰিছিল৷ ইয়াৰ সমান্তৰালকৈ তেওঁ জৈৱিক কৃষি কার্যতো মনোনিৱেশ কৰে৷

You might also like