টকিঅ’ত অনুশাসন ভংগঃ ভিনেশক নিলম্বন ৰেষ্টলিং ফেডাৰেচনৰ
নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ টকিঅ’ অলিম্পিকত অংশ লৈ দেশলৈ উভতি অহাৰ পিছতে শাস্তিৰ সন্মুখীন হৈছে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাট৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনে মল্লযুঁজাৰুগৰাকীক সাময়িকভাৱে নিলম্বিত কৰিছে৷
তাৰকা মল্লযুঁজাৰুগৰাকীয়ে অলিম্পিকৰ গেমছ ভিলেজত সতীর্থ এথলিটৰ সৈতে অনুশীলন কৰিবলৈ অস্বীকাৰ কৰিছিল৷ একেদৰে তেওঁ অলিম্পিকত টীম ইণ্ডিয়াৰ অফিচিয়েল কিট স্পনছৰৰ নাম নথকা জার্ছী পৰিধান কৰিছিল বুলি ফেডাৰেচনে অভিযোগ লাভ কৰিছে৷ এই ঘটনাৰ কাৰণ ব্যাখ্যা কৰিবলৈ ফেডাৰেচনে ভিনেশ ফ’গাটক ১৬ আগষ্টলৈ সময় বান্ধি দিছে৷
জাননীৰ উত্তৰত সন্তুষ্ট নহ’লে ফেডাৰেচনে মল্লযুঁজাৰুগৰাকীৰ বিৰুদ্ধে দীঘলীয়া নিষেধাজ্ঞা আৰোপ কৰিব পাৰে৷
উল্লেখ্য যে টকিঅ’ অলিম্পিকত ভাৰতৰ অন্যতম পদকপ্রত্যাশী ভিনেশ কোৱার্টাৰ ফাইনেলত পৰাস্ত হয়৷