ইণ্ডিয়া বুক অৱ ৰেকর্ডছত পদ্মনাভ: এক মিনিটত ২৬৯টা বক্সিং পান্স
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ এক মিনিটত ২৬৯টা বক্সিং পান্সেৰে ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰিছে টীয়কৰ প্রতিভাৱান খেলুৱৈ পদ্মনাভ বণিয়াই৷ টীয়ক নগৰৰ ৪নং ৱার্ডৰ প্রয়াত দীপক দাস আৰু মনোজা দাসৰ কনিষ্ঠ পুত্র পদ্মনাভে কঠোৰ শাৰীৰিক পৰিশ্রম আৰু অধ্যৱসায়ৰ জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
উল্লেখ্য যে নৱম শ্রেণীৰ ছাত্র পদ্মনাভে লকডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া অব্যৱহূত সামগ্রীৰে শৰীৰ চর্চাৰ বিভিন্ন সঁজুলি প্রস্তুত কৰি নিয়মীয়াকৈ অনুশীলন অব্যাহত ৰাখিছিল৷ অনাগত দিনত খেলুৱৈগৰাকীয়ে অধিক অনুশীলনেৰে এছিয়া বুক অৱ ৰেকর্ডছত নাম সন্নিৱিষ্ট কৰাৰ সপোন পুহি ৰাখিছে বুলি আজি ‘নিয়মীয়া বার্তা’ৰ আগত জানিবলৈ দিয়ে৷ এই সাফল্যৰ বাবে পদ্মনাভক শুভেচ্ছা জনাইছে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি বিভিন্ন দল–সংগঠনে৷