নিউজিলেণ্ড ক্রিকেট দলৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা পাক নিৰাপত্তাৰক্ষীয়ে খালে ২৭ লাখ টকাৰ বিৰিয়ানী
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ দুর্দশাই লগ এৰা নাই পাকিস্তান ক্রিকেট ব’ৰ্ডক৷ নিৰাপত্তাজনিত কাৰণৰ বাবে নিউজিলেণ্ড ক্রিকেট ব’র্ডে শৃংখলাত অংশ নোলোৱাকৈ পাকিস্তান ভ্রমণ সামৰাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷
পাকিস্তান ভ্রমণ আধাতে সামৰাৰ পিছত ইংলেণ্ডৰ পুৰুষ আৰু মহিলা ক্রিকেট দল দুটায়ো নিৰাপত্তাজনিত কাৰণৰ বাবে পাকিস্তান ভ্রমণ বাতিল কৰে৷ বিশ্বৰ আগশাৰীৰ ক্রিকেট দল দুটাৰ পাক ভ্রমণ বাতিলৰ পিছত বৃহৎ বিত্তীয় সংকটত পৰাৰ সময়তে নিৰাপত্তাৰক্ষী এজেঞ্চীৰ এখন বিলে চকু কপালত তুলিছে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ৷
নিৰাপত্তাৰক্ষী এজেঞ্চীটোৱে পি চি বিলৈ এখন ২৭ লাখ টকাৰ বিল প্রেৰণ কৰিছে৷ পাকিস্তান ভ্রমণৰ সময়ত নিউজিলেণ্ড ক্রিকেট দলটোৰ সুৰক্ষাৰ নামত নিয়োজিত কৰা নিৰাপত্তাৰক্ষীসকলে বিৰিয়ানীৰ নামত ২৭ লাখ টকা খৰচ কৰে৷
ইছলামাবাদ আৰু ৰাৱালপিণ্ডিত পাকিস্তানী সেনাৰ লগতে নিয়োজিত কৰা ৫গৰাকী এছ পি আৰু ৫০০গৰাকী এছ এছ পিক সাত দিনত প্রতিদিনে দুবাৰকৈ বিৰিয়ানী যোগান ধৰিছিল৷ ইয়াৰ ফলত নিৰাপত্তাৰক্ষী এজেঞ্চীটোৰ ২৭ লাখ টকা খৰচ হৈছিল৷ নিৰাপত্তাৰক্ষী এজেঞ্চীটোৰ ২৭ লাখটকীয়া বিৰিয়ানী বিল দেখি সমস্যাত পৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷