নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ত পৰিল পাকিস্তানৰ স্বপ্ণৰ দৌৰঃ চমকপ্রদ জয়েৰে ফাইনেলত অষ্ট্রেলিয়া

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ অপ্রতিৰোধ্য পাকিস্তানক স্তব্ধ কৰি অষ্ট্রেলিয়াই টি–২০ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিছে৷ ডুবাইত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ দ্বিতীয়খন ছেমি ফাইনেলত আৰন ফিন্স নেতৃত্বাধীন দলটোৱে পাঁচ উইকেটৰ চমকপ্রদ জয় সাব্যস্ত কৰে৷

১৭৭ ৰানৰ লক্ষ্যৰ পিছ লৈ অষ্ট্রেলিয়াই এটা অভাৰ বাকী থকা অৱস্থাতে ৫ উইকেটৰ বিনিময়ত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ অষ্ট্রেলিয়াৰ এই দুর্দান্ত জয়ৰ মূলতে আছিল অলৰাউণ্ডাৰ মার্কাছ ষ্টইনিছৰ অপৰাজিত ৪০ আৰু মেথিউ ৱেডৰ অপৰাজিত ৪১ ৰান৷ মেন অৱ দ্য মেচ ৱেডে মাত্র ১৭টা বলত দুটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰৰ সহায়ত অষ্ট্রেলিয়াৰ জয় সম্ভৱ কৰি তোলে৷

অ’পেনাৰ ডেভিদ ৱার্নাৰে ৩০ বলত ৪৯ ৰানৰ দায়িত্বপূর্ণ ইনিংছ খেলে৷ পাকিস্তানৰ হৈ ছাদাব খানে চাৰিটা উইকেট পায়৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াৰ আমন্ত্রণ ক্রমে ইনিংছ মুকলি কৰি পাকিস্তানে নির্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ১৭৬ ৰানৰ প্রত্যাহ্বানজনক স্ক’ৰ থিয় কৰায়৷ অ’পেনাৰ মহম্মদ ৰিজৱানে দলটোৰ হৈ সর্বাধিক ৬৭ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ ৫২ বলৰ সন্মুখীন হৈ তিনিটা বাউণ্ডেৰী আৰু চাৰিটা অভাৰ বাউণ্ডেৰী কোবায়৷ মিডল অর্ডাৰ বেটছমেন ফখৰ জামানে ৩২টা বলত তিনিটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰৰ সহায়ত অপৰাজিতভাৱে ৫৫ ৰান সংগ্রহ কৰি পাকিস্তানৰ ৰানৰ গতি খৰতকীয়া কৰে৷ অধিনায়ক বাবৰ আজমে ৩৯ ৰান সংগ্রহ কৰি আদাম জাম্পাৰ বলত আউট হয়৷ তেওঁ ৩৪ বলত পাঁচটা বাউণ্ডেৰী কোবায়৷ প্রথম উইকেটত বাবৰ আজম আৰু মহম্মদ ৰিজৱানে ৭১ ৰান যোগ দি পাকিস্তানক সুন্দৰ আৰম্ভণি দিয়ে৷ আছিফ আলীয়ে ০ আৰু ছোৱাইব মালিকে ১ ৰানত পেভিলিয়নমুখী হয়৷ অষ্ট্রেলিয়াৰ হৈ মিচেল ষ্টার্কে ৩৮ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ দেওবাৰে অষ্ট্রেলিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে টি–২০ বিশ্বকাপৰ ফাইনেল খেলিব৷

You might also like