বিশ্বকাপৰ অন্যতম ভৰসা পাকিস্তান, কিন্তু কিয় জানেনে?
নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: ক্রিকেট–বলিয়া দেশ হিচাপেই পৰিচিত পাকিস্তান৷ ফুটবল বিশ্বকাপৰ সৈতে দেশখনৰ বিশেষ সম্পর্ক নাই৷ তথাপি ফুটবল বিশ্বকাপৰ সৈতে অংগাংগীভাৱে জড়িত হৈ আছে পাকিস্তানৰ নাম৷ অৱশ্যে অংশগ্রহণৰ ক্ষেত্রত নহয়, ফুটবল নির্মাণৰ বিষয়তহে দেশখন বিশ্বকাপৰ সৈতে জড়িত৷ উত্তৰ–পূবৰ চহৰ শিয়ালকোটত বিগত ২০ বছৰ ধৰি তৈয়াৰ কৰি অহা হৈছে বিশ্বকাপৰ বল৷ কাটাৰ বিশ্বকাপত ব্যৱহূত আল ৰিহলা বল যি দুটা স্থানত তৈয়াৰ কৰা হৈছে, তাৰ এটা স্থান হ’ল শিয়ালকোট৷ যিটো সংস্থাই বিশ্বকাপৰ বল তৈয়াৰ কৰিছে, তাৰ মুৰব্বী হাছান মেহমুদ খোৱাজাই জনাইছে যে এই পর্যন্ত তেওঁলোকে ৫৫ লাখ বল নির্মাণ কৰিছে৷ ইয়াৰ ভিতৰত ৬০ হাজাৰ উচ্চমানৰ বল তৈয়াৰ কৰা হৈছে৷ বিশ্বকাপত খেলাৰ বাবে যিখিনি বল ব্যৱহাৰ কৰা হয়, সেইখিনি চীনত তৈয়াৰী৷ কাটাৰত দলবোৰে যিবোৰ বলেৰে অনুশীলন কৰিছে, সেইবিলাক সকলো পাকিস্তানত নির্মিত৷ ইয়াৰ লগতে কাটাৰলৈ গৈ দর্শকসকলে ক্রয় কৰা বলসমূহো তৈয়াৰ কৰা হৈছে পাকিস্তানত৷ খোৱাজাই জানিবলৈ দিয়ে যে ব্যৱসায়তকৈও বিশ্বকাপৰ বল তৈয়াৰ কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ উল্লেখ্য যে ফিফাৰ ক্রম তালিকাত পাকিস্তানৰ স্থান ১৯৪৷ দেশখনৰ ফুটবল সংস্থাক নির্বাসিতও কৰিছে ফিফাই৷ কিন্তু বিশ্বকাপৰ বল নির্মাণত পাকিস্তানৰ সমকক্ষ আৰু কোনো দেশ নাই৷