পাকিস্তানক সহজে হৰুৱালে নিউজিলেণ্ডে
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ নৱাগত বেগী বলাৰ জেকব ডাফিৰ সুন্দৰ বলিঙৰ সহায়ত নিউজিলেণ্ডে পাকিস্তানক প্রথম টি–২০ত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত অগ্রগতি অর্জন কৰিছে৷ আজি অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ প্রথমে বেটিং কৰি পাকিস্তানে ৯ উইকেটৰ বিনিময়ত সংগ্রহ কৰা ১৫৩ ৰানৰ প্রত্যুত্তৰত নিউজিলেণ্ডে সাতটা বল বাকী থকা অৱস্থাতে জয়ৰ লক্ষ্যত উপনীত হয়৷ বিজয়ী দলটোৰ হৈ অ’পেনাৰ টীম ছেইফার্টে ৫৭ আৰু মার্ক ছেপমেনে ৩৪ ৰান কৰে৷ ইয়াৰ পূর্বে পাকিস্তানৰ ইনিংছত ত্রাসৰ সৃষ্টি কৰি বেগী বলাৰ জেকব ডাফিয়ে মাত্র ৩৩ ৰান ব্যয় কৰি চাৰিটা উইকেট দখল কৰিবলৈ সক্ষম হয়৷ পাকিস্তানৰ হৈ ফহিম আশ্রফে সর্বাধিক ৩১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷