বিশ্বকাপৰ ইতিহাসত ভাৰতৰ লজ্জাৰ পৰাজয়
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: বিশ্বকাপৰ ইতিহাসত চিৰবৈৰী পাকিস্তানৰ হাতত দেওবাৰে টীম ইণ্ডিয়াৰ সবাতোকৈ লজ্জাজনক পৰাজয়ৰ সাক্ষী হৈ ৰ’ল দেশবাসী৷ পূর্বৰ দৰেই এইবাৰো বিশ্বকাপৰ মঞ্চত টীম ইণ্ডিয়াৰ জয়জয়কাৰ হ’ব বুলি ১৩০ কোটি দেশবাসীয়ে আশাৰে বাট চাইছিল যদিও ডুবাইৰ আই চি চি ক্রিকেট গ্রাউণ্ডত দেওবাৰে ইতিহাসৰ পুনৰাবৃত্তি নঘটিল৷
আই চি চি বিশ্বকাপত চিৰবৈৰী পাকিস্তানৰ হাতত প্রথমবাৰৰ বাবে শোচনীয় আত্মসমর্পণ কৰিলে টীম ইণ্ডিয়াই৷ ইউ এ ইত চলি থকা টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ৰ বহু প্রত্যাশিত মেচখনত বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াক সর্বদিশৰ পৰা বিধ্বস্ত কৰি পাকিস্তানে ১০ উইকেটত বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ বিৰুদ্ধে বিশ্বকাপত দীঘলীয়া ব্যর্থতাৰ অৱসান ঘটাই চিৰন্তন বৈৰী দেশখনে কালি মৰুৰ দেশত নতুন অধ্যায়ৰ সূচনা কৰে৷ টি–২০ বিশ্বকাপত পূর্বৰ পাঁচবাৰৰ মুখামুখিত প্রতিবাৰেই শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱা টীম ইণ্ডিয়াই দেওবাৰে মেচৰ আৰম্ভণিৰে পৰা তীব্র প্রত্যাহ্বানৰ সন্মুখীন হয়৷
পাকিস্তানৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি তাৰকাসমৃদ্ধ দলটোৱে মাত্র ১৫১ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ আই পি এলত ৰানৰ জোৱাৰ তোলা অ’পেনাৰ লোকেশ ৰাহুল, ৰোহিত শর্মা, সূর্য কুমাৰ যাদৱ, ৰবীন্দ্র জাদেজাক দেওবাৰে স্বাভাৱিক ছন্দত দেখিবলৈ পোৱা নগ’ল৷ প্রথমটো অভাৰতে ভাৰতে তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হয়৷ পাকিস্তানৰ দুর্ধর্ষ বাঁওহতীয়া বেগী বলাৰ শ্বাহিন শ্বাহ আফ্রিদীয়ে ৰোহিতক প্রথমটো বলতে আউট কৰি পাকিস্তানৰ শিবিৰলৈ উৎসাহ কঢ়িয়াই আনে৷
ইনিংছৰ তৃতীয়টো অভাৰত আফ্রিদীৰ তীব্র গতিৰ ইনছুইং বলিঙত লোকেশ ৰাহুল ব’ল্ড হোৱাত ভাৰতৰ বিপদ দুগুণে বৃদ্ধি হয়৷ অৱশ্যে অধিনায়ক কোহলিয়ে দায়িত্বপূর্ণ বেটিঙেৰে ইনিংছ আগুৱাই নিয়াৰ চেষ্টা চলায়৷ তেওঁ ৪৯ বলত ৫টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ৫৭ ৰান সংগ্রহ কৰি শ্বাহিন শ্বাহ আফ্রিদীৰ তৃতীয়টো চিকাৰ হয়৷ ঋষভ পণ্টে ৩০ বলত ৩৯ ৰানৰ আক্রমণাত্মক ইনিংছ খেলি কোহলিক সহযোগিতা আগবঢ়োৱাৰ চেষ্টা চলায় যদিও মিডল অর্ডাৰৰ চূড়ান্ত ব্যর্থতাৰ বাবে দলটোৱে বৃহৎ স্ক’ৰ থিয় কৰাব নোৱাৰিলে৷ সম্পূর্ণৰূপে আঘাতমুক্ত হৈ নুঠাৰ পাছতো মূল একাদশত স্থান পোৱা তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই অনুৰাগীক হতাশ কৰে৷
যি সময়ত তেওঁ বিস্ফোৰক বেটিঙেৰে টীম ইণ্ডিয়াক বৃহৎ স্ক’ৰৰ দিশে আগুৱাই নিয়াৰ প্রয়োজন আছিল, সেই সময়ত ৮টা বল খেলি হার্দিকে মাত্র ১১ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ সূর্য কুমাৰ যাদৱ (১১), ৰবীন্দ্র জাদেজা (১৩)ও আজি ব্যর্থ হয়৷ ভাৰতৰ এই লজ্জাজনক ব্যর্থতাৰ মূলতে আছিল পাকিস্তানৰ বেগী বলাৰৰ ক্ষুৰধাৰ বলিং৷ আফ্রিদীয়ে ৩১ ৰান ব্যয় কৰি তিনিটা, হাছান আলীয়ে ৪৪ ৰানত দুটা, ছাদাব খানে ২২ ৰানত এটা আৰু হৰিশ ৰৌফে ২৫ ৰানত এটা উইকেট দখল কৰে৷ ভাৰতৰ ১৫১ ৰানৰ প্রত্যুত্তৰত বাবৰ আজম নেতৃত্বাধীন দলটোৱে ১৩টা বল বাকী থকা অৱস্থাত এটাও উইকেট নেহেৰুওৱাকৈ স্মৰণীয় জয়ৰ সোৱাদ লাভ কৰে৷ যশপ্রীত বুমৰাহ, মহম্মদ ছামি, ভুবনেশ্বৰ কুমাৰ, বৰুণ চক্রৱর্তী আৰু ৰবীন্দ্র জাদেজাৰে গঠিত টীম ইণ্ডিয়াৰ শক্তিশালী বলিং আক্রমণক তচনচ কৰি পাকিস্তানে ১৭.৫ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয়৷ অ’পেনাৰ তথা উইকেট ৰক্ষক মহম্মদ ৰিজৱানে ৫৫ বলত ৭৯ আৰু অধিনায়ক বাবৰ আজমে ৫২ বলত ৬৮ ৰানত অপৰাজিত হৈ ৰয়৷ ৰিজৱানে ৬টা বাউণ্ডেৰী আৰু তিনিটা ছিক্সাৰ কোবায়৷ বাবৰে ছটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷
উল্লেখ্য যে আই চি চি এদিনীয়া আৰু টি–২০ বিশ্বকাপৰ ইতিহাসত ভাৰতে চিৰবৈৰী পাকিস্তানৰ হাতত কেতিয়াও পৰাজয়ৰ সন্মুখীন হোৱা নাছিল৷ টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াই ইয়াৰ পূর্বে পাকিস্তানক পাঁচবাৰ পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ ২০০৭ত দক্ষিণ আফ্রিকাত অনুষ্ঠিত টি–২০ বিশ্বকাপত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াই দুবাৰকৈ চুবুৰীয়া দেশখনৰ মুখামুখি হৈছিল৷ গ্রুপ পর্যায়ৰ মেচখনত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ভাৰতে বল আউটৰ জৰিয়তে জয়ী হোৱাৰ পাছত ফাইনেলত দুই চিৰবৈৰী পুনৰ সমুখসমৰত অৱতীর্ণ হৈছিল৷ জোহান্সবার্গত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানক ৫ ৰানত হৰুৱাই ধোনী বাহিনীয়ে খিতাপ জয় কৰাৰ স্বর্ণীল মুহূর্ত ভাৰতীয় ক্রিকেট অনুৰাগীৰ মনত এতিয়াও সজীৱ হৈ আছে৷ ২০১২ত শ্রীলংকাত আৰু ২০১৪ত বাংলাদেশত অনুষ্ঠিত টি–২০ বিশ্বকাপতো ভাৰতে শেষ হাঁহি মাৰি অগণন ক্রিকেট অনুৰাগীৰ মন জয় কৰে৷ ২০১৬ত ভাৰতত অনুষ্ঠিত টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ হাতত পুনৰ এবাৰ পৰাজয়ৰ সন্মুখীন হয় চিৰবৈৰী পাকিস্তান৷ কিন্তু বাবৰ আজম নেতৃত্বাধীন দলটোৱে এইবাৰ ভাৰতৰ জয়ৰ ধাৰা স্তব্ধ কৰি পাকিস্তানৰ দীঘলীয়া ব্যর্থতাৰ অৱসান ঘটালে৷
মন কৰিবলগীয়া যে টীম ইণ্ডিয়াই ২০১৭ৰ চেম্পিয়নছ ট্রফীৰ ফাইনেলতো পাকিস্তানৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল৷ এই পৰাজয়ৰ প্রতিশোধ পূৰণৰ লক্ষ্যৰে কোহলি বাহিনী আজি খেলপথাৰত নামিছিল যদিও পাকিস্তানৰ দুর্দান্ত প্রদর্শনৰ সন্মুখত দলটো স্তব্ধ হয়৷ চিৰবৈৰীৰ হাতত টীম ইণ্ডিয়াৰ এই লজ্জাজনক পৰাজয়ে ভাৰতীয় ক্রিকেট অনুৰাগীক স্বাভাৱিকতে হতাশ কৰি তুলিছে৷