নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতে টেষ্ট দলত পাণ্ডিয়াক লোৱা উচিত

নিয়মীয়া বাৰ্তা ৮ জুনঃ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক ভাৰতীয় টেষ্ট দলটোত অন্তর্ভুক্ত কৰাটো বিচাৰিছে অষ্ট্রেলিয়া ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক ইয়ান চেপেলে৷ এইবছৰৰ শেষৰ পিনে চাৰিখন টেষ্টত অংশগ্রহণ কৰাৰ উদ্দেশ্যে অষ্ট্রেলিয়া ভ্রমণ কৰিবলগীয়া ভাৰতীয় টেষ্ট দলটোত অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক অন্তর্ভুক্ত কৰিব লাগে বুলি উল্লেখ কৰি কেংগাৰু বাহিনীৰ প্রাক্তন অধিনায়ক ইয়ান চেপেলে কয় যে পাণ্ডিয়াৰ অন্তর্ভুক্তিয়ে লাভজনক হ’ব ভাৰতীয় দলটো৷ ব’ডাৰ–গাভাস্কাৰ টেষ্ট শৃংখলাটোত টীম ইণ্ডিয়াৰ হৈ পাণ্ডিয়াই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা ব্যক্ত কৰি ইয়ান চেপেলে লগতে কয় যে টেষ্ট শৃংখলাটোত অতিৰিক্ত বলাৰ হিচাপে পাণ্ডিয়াক ব্যৱহাৰ কৰিব পাৰিব ভাৰতীয় ক্রিকেট দলটোৱে৷ যেতিয়া পেচ বলাৰসকলক বিশ্রামৰ প্রয়োজন হ’ব তেতিয়া অতিৰিক্ত বলাৰ হিচাপে পাণ্ডিয়াক ব্যৱহাৰ কৰিব পাৰিব আৰু বিপক্ষ দলটোক চাপত ৰখাৰ চেষ্টা চলাব পাৰিব৷ ২০১৮ চনৰ আগষ্টত ইংলেণ্ডৰ বিপক্ষে অন্তিমখন টেষ্ট খেলা অলৰাউণ্ডাৰগৰাকীয়ে ২০১৯ চনৰ ছেপ্ঢেম্বৰৰ পৰা ভাৰতীয় দলটোৰ হৈ কোনো প্রতিযোগিতাতে অংশগ্রহণ কৰা নাই৷ পিঠিত পোৱা আঘাতৰ অস্ত্রোপচাৰ কৰাৰ বাবেই হার্দিক পাণ্ডিয়াই সম্প্রতি খেলপথাৰৰ বাহিৰত আছে৷ অষ্ট্রেলিয়াত খেলিবলগীয়া টেষ্ট শৃংখলাটোত টীম ইণ্ডিয়াই পাণ্ডিয়াক অন্তর্ভুক্ত কৰাটো অতি প্রয়োজন বুলি ইয়ান চেপেলে মন্তব্য কৰে৷

You might also like