পিচিবিৰ মুখ্য নির্বাচকৰ পদ এৰিলে মিছবাহে
নিয়মীয়া বাৰ্তা ১৫ অক্টোবৰঃ পাকিস্তান ক্রিকেট দলৰ প্রাক্তন খেলুৱৈ মিছবাহ উল হকে পাকিস্তান ক্রিকেট ব’ডৰ মুখ্য নির্বাচকৰ পদটো এৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মুখ্য প্রশিক্ষকৰ পদটোত অধিক গুৰুত্ব দিয়াৰ বাবেই মিছবাহে মুখ্য নির্বাচকৰ পদবীটো এৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালাপত বুধবাৰে মিছবাহ উল হকে কয় যে তেওঁ অহা ৩০ নৱেম্বৰলৈকে পি চি বিৰ মুখ্য নির্বাচকৰ পদটোত থাকিব৷ জিম্বাব’ৱেৰ বিপক্ষে খেলিবলগীয়া আগন্তুক শৃংখলাটোৰ বাবে পাকিস্তান দলটো ঘোষণা কৰিয়েই তেওঁ মুখ্য প্রশিক্ষকৰ পদটোত অধিক মনোনিৱেশ কৰিব বুলি মন্তব্য কৰে৷ ইতিমধ্যে তেওঁৰ সিদ্ধান্তৰ বিষয়ে পাকিস্তান ক্রিকেট ব’ডক অৱগত কৰাইছে বুলি মিছবাহে মন্তব্য কৰে৷ উল্লেখ্য ৪৬ বছৰীয়া মিছবাহ উল হকে বিগত বছৰৰ ছেপ্ঢেম্বৰৰ পৰা পি চি বিৰ মুখ্য নির্বাচকৰ লগতে পাক দলটোৰ মুখ্য প্রশিক্ষকৰো দায়িত্ব পালন কৰি আহিছে৷