অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত ভাৰতীয় পুৰুষ হকী দলক শুভেচ্ছা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ ৪১ বছৰৰ পিছত অলিম্পিকত পদক জয় ভাৰতীয় পুৰুষ হকী দলৰ। ভাৰতীয় পুৰুষ হকী দলে আজি ৪-৫ গ’লৰ ব্যৱধানত জাৰ্মানীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখ্য যে শেষবাৰৰ বাবে ১৯৮০ চনৰ মস্কো অলিম্পিকত পদক জয় কৰাৰ পাছত আজি ভাৰতীয় পুৰুষ হকী দলটোৰ এই সাফল্যত স্বাভাৱিকতেই দেশজুৰি আনন্দৰ লহৰ উঠিছে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে ভাৰতীয় পুৰুষ হকী দলক শুভেচ্ছা জনাইছে।
আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰি কয়, “৪১ বছৰৰ পিছত হকীত অলিম্পিক পদক জয় কৰাৰ বাবে আমাৰ পুৰুষ হকী দলক অভিনন্দন জনাইছোঁ। দলটোৱে ব্যতিক্ৰমী দক্ষতা, স্থিতিস্থাপকতা আৰু জিকাৰ সংকল্প প্ৰদৰ্শন কৰিছিল। এই ঐতিহাসিক বিজয়ে হকীত এক নতুন যুগৰ আৰম্ভণি কৰিব আৰু যুৱপ্ৰজন্মক হকীৰ খেলৰ প্ৰতি অনুপ্ৰাণিত কৰিব।”
Congratulations to our men’s hockey team for winning an Olympic Medal in hockey after 41 years. The team showed exceptional skills, resilience & determination to win. This historic victory will start a new era in hockey & will inspire youth to take up: President Ram Nath Kovind pic.twitter.com/TneBZte96e
— ANI (@ANI) August 5, 2021
ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় পুৰুষ হকী দলক শুভেচ্ছা জনাইছে এইদৰে,- “ঐতিহাসিক! আজি এনে এটা দিন, যিটো প্ৰতিজন ভাৰতীয়ৰ স্মৃতিত খোদিত হৈ থাকিব। ব্ৰঞ্জৰ পদক ঘৰলৈ অনাৰ বাবে আমাৰ পুৰুষ হকী দলক অভিনন্দন। এই কৃতিত্বৰ দ্বাৰা তেওঁলোকে সমগ্ৰ ৰাষ্ট্ৰ, বিশেষকৈ আমাৰ যুৱপ্ৰজন্মৰ বাবে কল্পনা কঢ়িয়াই আনিছে। সমগ্ৰ আজি ভাৰতৰ হকী দলটোক লৈ গৌৰৱান্বিত।”
Historic! A day that will be etched in the memory of every Indian. Congratulations to our Men’s Hockey Team for bringing home the Bronze. With this feat, they have captured the imagination of the entire nation, especially our youth. India is proud of our Hockey team: PM Modi pic.twitter.com/hJRSPl8dMm
— ANI (@ANI) August 5, 2021