খেল পথাৰত নহয়, ‘কাঁচা বাদাম’ৰ তালে তালে সিন্ধু
বিশেষ বাৰ্তা,৭মাৰ্চঃ ভূৱন বাদ্যকাৰৰ ‘কাঁচা বাদাম’ গীতটোৱে চাৰিওপিনে জ্বৰ তুলিছে। গীতটোৰ তালত কঁকাল ভাঙি নচা দেখিছোঁ ৰূপালী পর্দাৰ বহু তাৰকাক। এইবাৰ গীতৰ তালে তালে নাচিছে অলিম্পিকত পদকজয়ী খেলুৱৈ পি ভি সিন্ধুক। শেহতীয়াকৈ ইউটিউবত এটি ভিডিঅ’ প্রকাশ হৈছে, তাত দেখা গৈছে ‘কাঁচা বাদাম’ গীতৰ তালে তালে নাচিছে সিন্ধুৱে। হালধীয়া ৰঙৰ পোছাকত দেখা গৈছে বেডমিণ্টন খেলুৱৈগৰাকীক। তেনেই শান্ত সিন্ধুৰ এই নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈছে ইন্টাৰনেটত।