নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটাৰক কমেও এমাহৰ অনুশীলনৰ প্রয়োজন হ’বঃ ৰাহানে

নিয়মীয়া বাৰ্তা,  ৭ মে’ :  প্রতিযোগিতামূলক ক্রিকেট অনুষ্ঠিত হোৱাৰ পূর্বে ক্রিকেটাৰসকলক অতি কমেও এমাহৰ অনুশীলনৰ প্রয়োজন হ’ব৷ এই মন্তব্য কৰিছে ভাৰতীয় টেষ্ট দলটোৰ সহঃ অধিনায়ক আজিংক্য ৰাহানেই৷

মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে সম্প্রতি সমগ্র বিশ্বৰ লগতে ভাৰতৰো ক্রীড়াক্ষেত্রত স্থবিৰ হৈ থকাৰ সময়তে ভাৰতীয় দলটোৰ তাৰকা ক্রিকেটাৰগৰাকীয়ে কয় যে ক’ভিড–১৯ৰ ভেকচিন ওলোৱাৰ পিছতহে পুনৰ প্রতিযোগিতামূলক ক্রিকেটৰ আয়োজন কৰাটো উচিত৷ এই ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি তেওঁৰ লগতে আন ক্রিকেটাৰসকলো ঘৰতে আবদ্ধ হ’বলগীয়া হৈছে৷

ফলত তেওঁলোকে সম্পূর্ণ অনুশীলন কৰাৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্রতিযোগিতামূলক ক্রিকেট আয়োজন হোৱাৰ পূর্বে ক্রিকেটাৰসকলক অতি কমেও এমাহৰ অনুশীলনৰ প্রয়োজন হ’ব৷ অনুশীলনত ভাগ নোলোৱাকৈ যদি ক্রিকেটাৰসকলে প্রতিযোগিতামূলক মেচত ভাগ লয়, তেন্তে সমস্যাৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰে ৰাহানে৷

You might also like