ভাৰতত এতিয়াই ক্রিকেট অসম্ভৱঃ দ্রাবিড়
ক’ৰোনাৰ বাবে দেশত উদ্ভৱ হোৱা পৰিস্থিতি খেলৰ বাবে উপযুক্ত নহয়
নিয়মীয়া বাৰ্তা, ২২ জুনঃ ভাৰতত অচিৰেই ক্রিকেটৰ বাতাৱৰণ ঘূৰি অহাটো সম্ভৱ নহয়৷ –এই মন্তব্য কৰিছে ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক ৰাহুল দ্রাবিড়ে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বর্তমান দেশৰ পৰিস্থিতি খেলৰ বাবে মুঠেই উপযুক্ত নহয় বুলি মন্তব্য কৰে দ্য ৱাল খ্যাত ৰাহুল দ্রাবিড়ে৷ চীনৰ য়ুহান প্রদেশৰ পৰা উৎপত্তি হোৱা ক’ৰোনা ভাইৰাছৰ বাবে ভাৰতৰ লগতে আন দেশতো ক্রিকেট খেল সম্পূর্ণৰূপে বন্ধ হৈ আছে বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটছমেনগৰাকীয়ে কয় যে অহা মাহত ইংলেণ্ডত ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টেষ্ট শৃংখলা অনুষ্ঠিত হোৱাৰ কথা৷
এই শৃংখলাটোৰ পৰাই আমি বহুখিনি শিকিবলৈ সক্ষম হ’ম আৰু সকলোৱে এই শৃংখলাটোৰ পৰা প্রেৰণাও লাভ কৰিব৷ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ অধ্যক্ষ ৰাহুল দ্রাবিড়ে কয় যে বর্তমান সময়ত ভাৰতত ক্রিকেট পুনৰ আৰম্ভ কৰাটো অসম্ভৱ৷ ক্রিকেটৰ বাতাৱৰণ ঘূৰাই অনাৰ বাবে ধৈর্য আৰু অপেক্ষা কৰিব লাগিব৷ অন্যথা ইয়াৰ কোনো বিকল্প নাই৷ আগষ্ট–ছেপ্টেম্বৰ মাহত আৰম্ভ হ’বলগীয়া ঘৰুৱা ক্রিকেট প্রতিযোগিতাসমূহ যদি অক্টোবৰত অনুষ্ঠিত হয়, তেতিয়াহ’লে প্রতিযোগিতাসমূহৰ সূচী কিছু হ্রাস কৰিব লাগিব৷
সংবাদ প্রতিষ্ঠানৰ এক ৱেবছাইটত ৰাহুল দ্রাবিড়ে কয় যে ক্রিকেট কেতিয়া ক’ত আৰু কিমান খেলিব পাৰিম, এই সকলো চৰকাৰ আৰু স্বাস্থ্যকর্মীৰ গাইডলাইনৰ ওপৰত নির্ভৰ কৰিব৷ অৱশ্যে চলিত বছৰতেই ভাৰতত পুনৰ ক্রিকেটৰ বাতাৱৰণ ঘূৰি আহিব বুলি আশা ব্যক্ত কৰি টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক ৰাহুল দ্রাবিড়ে কয় যে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বিগত মার্চ মাহৰ পৰাই ভাৰতৰ লগতে আন দেশসমূহতো ক্রিকেট প্রতিযোগিতাসমূহ সম্পূর্ণৰূপে বন্ধ হৈ আছে৷
ক্রিকেট প্রতিযোগিতাসমূহত ভাগ লোৱাৰ বাবে খেলুৱৈসকলে নিজকে সম্পূর্ণৰূপে সুস্থ কৰাৰ বাবে কিছু সময়ৰো প্রয়োজন হ’ব বুলি ৰাহুল দ্রাবিড়ে মন্তব্য কৰে৷ ক’ৰোনা আতংকৰ মাজতে ইতিমধ্যে ৱেষ্ট ইণ্ডিজ দলটোৱে তিনিখন টেষ্ট মেচত অংশ লোৱাৰ উদ্দেশ্যে ইংলেণ্ডত উপস্থিত হৈছে আৰু এই শৃংখলাটোৱে পুনৰ ক্রিকেটৰ বাতাৱৰণ ঘূৰাই আনিবলৈ সক্ষম হ’ব বুলি আশাবাদী ৰাহুল দ্রাবিড়৷