নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত দ্রাবিড়ঃ এছিয়া কাপত অনিশ্চিত প্রশিক্ষক

নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: ক’ৰোনাত আক্রান্ত হৈছে ৰাহুল দ্রাবিড়৷ ভাৰতীয় ক্রিকেট ব’ডৰ তৰফৰ পৰা জনোৱা হৈছে যে কিছুদিন নিভৃতবাসত থাকিব তেওঁ৷ সংযুক্ত আৰব আমিৰশ্বাহীলৈ যোৱাৰ পূর্বে খেলুৱৈ আৰু প্রশিক্ষকসকলৰ ক’ৰোনা পৰীক্ষা কৰা হয়৷ এই পৰীক্ষাত দ্রাবিড়ৰ ফলাফল পজিটিভ আহে৷

উল্লেখ্য যে ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ৷ ২৮ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে অৱতীর্ণ হ’ব ভাৰত৷ ইয়াৰ পূর্বে দ্রাবিড়ক দল বিচাৰিব ৰোহিত শর্মা বাহিনীয়ে৷ আজি সংযুক্ত আৰব আমিৰশ্বাহী অভিমুখে ৰাওনা হ’ব ভাৰতীয় দল৷ ব’ৰ্ডৰ ফালৰ পৰা জনোৱা হৈছে যে এতিয়াই দলৰ সৈতে নাযায় দ্রাবিড়৷ ক’ৰোনাৰ প্রতিবেদন নেতিবাচক অহাৰ পিছতহে যাব পাৰিব তেওঁ৷

উল্লেখ্য যে জিম্বাব’ৱে ভ্রমণৰ সময়ত জিৰণি দিয়া হৈছিল প্রশিক্ষক দ্রাবিড়ক৷ তেওঁৰ সলনি দলৰ সৈতে গৈছিল ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ প্রধান ভি ভি এছ লক্ষ্মণ৷ টি–২০ বিশ্বকাপৰ পূর্বে এছিয়া কাপত নিজকে পৰীক্ষা কৰাৰ সুযোগ পাব দলসমূহে৷ সেইবাবেই এইবাৰ এছিয়া কাপ টি–২০ ফর্মেটত অনুষ্ঠিত হ’ব৷

You might also like