আই পি এলৰ দল বৃদ্ধি; দ্রাবিড়ৰ আদৰণি
নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ দেশত ক্রিকেট প্রতিভাৰ বিস্ফোৰণ ঘটিছে আৰু আই পি এলৰ দৰে বৃহৎ মঞ্চত সকলো প্রতিভাই পর্যাপ্ত সুযোগ লাভ কৰা উচিত৷ এনে পৰিস্থিতিত আই পি এলৰ পৰিসৰ সম্প্রসাৰিত হোৱাটো অত্যন্ত আৱশ্যক হৈ পৰিছে৷ –এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে ভাৰতীয় ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন ৰাহুল দ্রাবিড়ে৷
প্রাক্তন ক্রিকেটাৰগৰাকীয়ে এক অনুষ্ঠানত কয় যে বি চি চি আয়ে ২০২১ত আই পি এলৰ দলৰ সংখ্যা ৯টালৈ বৃদ্ধি কৰিবলৈ চলাই থকা পৰিকল্পনা অত্যন্ত আদৰণীয়৷ ‘মই অনুভৱ কৰোঁ যে আই পি এলৰ পৰিসৰ শীঘ্রে সম্প্রসাৰিত হোৱা উচিত৷ কিয়নো প্রতিভাৱান ক্রিকেটাৰেৰে দেশ ভৰি পৰিছে৷ এতিয়াও যথেষ্টসংখ্যক প্রতিভাৱান ক্রিকেটাৰে সুযোগৰ পৰা বঞ্চিত হৈ আছে৷
আই পি এলত অধিক দল সন্নিৱিষ্ট হ’লে অধিকসংখ্যক খেলুৱৈয়ে সুযোগ লাভ কৰিব৷’ দ্রাবিড়ে এইদৰে কয়৷ ইফালে, অধিক দলৰ অন্তর্ভুক্তিয়ে আই পি এলৰ মান হ্রাস নকৰে বুলিও একালৰ ষ্টাইলিছ বেটছমেনগৰাকীয়ে উল্লেখ কৰে৷
মন কৰিবলগীয়া যে প্রতিবছৰে নতুন নতুন তাৰকাৰ জন্ম দিয়া আই পি এল অহা বর্ষৰ পৰা ৯টা দল আৰু ২০২৩ৰ পৰা ১০টা দলৰ মাজত আয়োজন কৰিবলৈ বি চি চি আয়ে চিন্তা–চর্চা কৰি আছে৷