নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাগত তৃতীয় পৰাজয় ৰাজস্থান ৰয়েলছৰ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ৰাজস্থান ৰয়েলছে চলিত আই পি এলত ক্রমাগত তৃতীয়টো পৰাজয়ৰ মুখ দেখিছে৷ আবু ধাবিত মঙলবাৰে অনুষ্ঠিত মেচখনত দলটোৱে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ হাতত ৫৭ ৰানত পৰাস্ত হয়৷ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ১৯৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ ৰাজস্থানে ১৮.১ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৩৬ ৰানহে কৰে৷

বাটলাৰৰ বাহিৰে কোনো এজন বেটছমেনে দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল৷ বাটলাৰে ৭০ ৰানৰ অৰিহণা আগবঢ়ায়৷ অ’পেনাৰ জয়ছোৱাল (০), অধিনায়ক স্মিথ (৬), সঞ্জু ছেমছন (০), ল’মৰ’ৰ (১১) আৰু টেৱাটিয়া (৫) সম্পূর্ণৰূপে ব্যর্থ হয়৷ মুম্বাইৰ হৈ বুমৰাহে সর্বাধিক চাৰিটা উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি সূর্য কুমাৰ যাদৱৰ দুর্দান্ত অপৰাজিত অর্ধশতকৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্রহ কৰে৷ সূর্য কুমাৰ যাদৱৰ উপৰি অধিনায়ক ৰোহিত শর্মাই ৩৫, অ’পেনাৰ কুইণ্টন ডি ককে ২৩, হার্দিক পাণ্ডিয়াই ১৯ বলত অপৰাজিতভাৱে ৩০ ৰান কৰে৷ ডি কক আৰু ৰোহিত শর্মাই ইনিংছ মুকলি কৰি দলীয় স্ক’ৰত ৪৯ ৰানত ডি ককে বিদায় লয়৷

ইফালে, দলীয় স্ক’ৰ ৮৮ ৰানত ৰোহিত শর্মা আৰু ঈশান কিশনে বিদায় লোৱাত দলটো বিপর্যয়ত পৰে যদিও সূর্য কুমাৰে ক্রুনাল পাণ্ডিয়াৰ সৈতে ২৯ ৰান আৰু হার্দিক পাণ্ডিয়াৰ সৈতে অপৰাজিতভাৱে ৭৬ ৰান সংগ্রহ কৰি দলটোক এক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ সূর্য কুমাৰৰ ৪৭টা বলৰ ইনিংছটোত আছিল ১১টা চাৰি আৰু দুটা ছয়৷

ইফালে, হার্দিকৰ ১৯টা বলৰ ইনিংছটোত আছিল দুটা চাৰি আৰু এটা ছয়৷ ইফালে, ঈশান কিশনে  কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ ৰাজস্থানৰ হৈ শ্রেয়াছ গোপালে সর্বাধিক দুটা উইকেট লাভ কৰে৷

You might also like