নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ৰবি শাস্ত্ৰীৰ হাতত নাই ধোনীৰ ফোন নম্বৰ

খুব কম মানুহে জানে মহেন্দ্র সিং ধোনীৰ ফোন নম্বৰ। ২০১৪ চনৰ পৰা ২০১৯ চনলৈ একেলগে থকাৰ পাছতো ৰবি শাস্ত্রীৰ হাতত নাই বিশ্বকাপজয়ী অধিনায়কৰ নম্বৰ। ধোনী এনে ধৰণৰে মানুহ।
২০১৯ চনত অৱসৰ লোৱাৰ পাছত ধোনী ক’ত আছে ,তেওঁৰ সন্ধান কোনেও জনা নাছিল। কিছু দিন পাছত ধোনীয়ে নিজেই জনাইছিল যে তেওঁ ক’ত আছে। ধোনীয়ে নিবিচাৰিলে তেওঁৰ বাৰ্তা পোৱা সহজ নহয়। প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ ছোয়েব আখতাৰৰ চেনেলত এটি সাক্ষাৎকাৰত ৰবি শাস্ত্রীয়ে ধোনীক লৈ এনে বহু কথা সকলোকে জনাইছে।

শাস্ত্ৰীয়ে জনায় যে ফোনটো নধৰিবলৈ যিমান পাৰি সকলো কৰে ধোনীয়ে। ধোনীৰ হাতত ফোনটো খুব কমেই থাকে। সঁচা ক’বলৈ হ’লে তেওঁৰ হাততো নাই ধোনীৰ নম্বৰ। ধোনী তেনেকুৱাই মানুহ। ভাৰতীয় ক্রিকেটত ধোনীক ‘কেপ্টেইন কুল’বুলি জনাজাত। ধোনীৰ খং উঠা কেতিয়াও দেখা নাই কোনেও। ৰবি শাস্ত্রীয়ে কয় যে তেওঁ জীৱনত বহু ক্রিকেটাৰ দেখিছে, শচীন তেণ্ডুলকাৰকো কেতিয়াবা খঙত পাইছে, কিন্তু ধোনী সদায়ে একেই, শান্ত-সমাহিত। আনন্দতো অতি উল্লাসিত নহয়, দুখতো ভাঙি নপৰে।

You might also like