টেষ্টত ভাৰতৰ তৃতীয় সর্বাধিক উইকেট দখলকাৰী ৰবিচন্দ্রন অশ্বিনৰ
নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্রন অশ্বিন টেষ্ট ক্রিকেটত ভাৰতৰ তৃতীয় সর্বাধিক উইকেট দখলকাৰী হিচাপে চিহ্ণিত হৈছে৷ কানপুৰত সোমবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে সামৰণি পৰা প্রথম টেষ্টৰ অন্তিম দিনা টম লাথামক আউট কৰি অশ্বিনে হৰভজন সিঙক অতিক্রম কৰি এই মাইলষ্ট’নত উপনীত হয়৷ হৰভজনে ১০৩খন টেষ্টত ৪১৭টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বিপৰীতে অশ্বিনে ৮০খন টেষ্ট খেলি এই কৃতিত্ব অর্জন কৰে৷ ভাৰতৰ কিংবদন্তি লেগ স্পিনাৰ অনিল কুম্বলেই টেষ্টত সর্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাত শীর্ষস্থান অধিকাৰ কৰি আছে৷ তেওঁ ৬১৯টা উইকেট দখল কৰি টেষ্ট কেৰিয়াৰ সামৰিছিল৷ কুম্বলেৰ পিছতে এই তালিকাত আছে ভাৰতৰ প্রথম বিশ্বকাপ বিজয়ী দলৰ অধিনায়ক কপিল দেৱ৷ তেওঁ টেষ্টত ৪৩৪টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷
ইফালে, টেষ্টত ৪০০ৰো অধিক উইকেট দখল কৰা ভাৰতৰ চতুর্থগৰাকী বলাৰ হিচাপেও অভিলেখ ৰচে ৰবিচন্দ্রন অশ্বিনে৷ আনহাতে টীম ইণ্ডিয়াৰ তাৰকা অফ স্পিনাৰগৰাকীয়ে টেষ্ট ক্রিকেটত নিউজিলেণ্ডৰ বিৰুদ্ধে সর্বাধিক উইকেট দখল কৰা ভাৰতীয় খেলুৱৈ হিচাপে আন এক নজিৰ স্থাপন কৰে৷ তেওঁ আজি বিষেণ সিং বেদীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে নিউজিলেণ্ডৰ বিৰুদ্ধে অশ্বিনে সামগ্রিকভাৱে ৫৮টা টেষ্ট উইকেট দখল কৰিছে৷