নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষাবিদ্বেষ

বৰাক উপত্যকাত অসমীয়া ভাষাৰ চৰকাৰী হর্ডিং আঁতৰাবলৈ ভাবুকি প্রদান কৰা বৰাক ডেমক্রেটিক ফ্রণ্টৰ মুখ্য আহ্বায়ক প্রদীপ দত্ত ৰয়ক শনিবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ যোৱা মাহত শিলচৰত জল জীৱন মিছনৰ এখন অসমীয়া হর্ডিঙত ক’লা ৰং সানি বৰাক উপত্যকাৰ তথাকথিত বাংলাপ্রেমী নেতাজনে অসমীয়া ভাষাক চূড়ান্ত অপমান কৰিছিল৷ এই ঘটনাক কেন্দ্র কৰি ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া চলি থকাৰ সময়তে বৰাক উপত্যকাৰ অসমীয়া ভাষাৰ হর্ডিংসমূহ আঁতৰাবলৈ ২৫ নৱেম্বৰত পুনৰ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল দত্ত ৰয়ে৷ অসমত থাকি অসমীয়া ভাষাৰ বিৰুদ্ধে চলোৱা এনে চক্রান্তৰ বিৰুদ্ধে ৰাজ্যখনৰ কেইবাখনো থানাত বিতর্কিত প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে৷ হিন্দু যুৱ পৰিষদৰ এটি গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা প্রদীপ দত্ত ৰয়ক শিলচৰ কাৰাগাৰলৈ প্রেৰণ কৰা হৈছে৷ অসমীয়া আৰু বাংলা ভাষা–সংস্কৃতিৰ সেতুবন্ধনৰ বাবে ধাৰাবাহিক প্রচেষ্টা গ্রহণ কৰাৰ সময়তে বৰাক উপত্যকাৰ প্রদীপ দত্ত ৰয়ে সংঘাতৰ বিষবাষ্প বিয়পাই দিয়াৰ অহৰহ চক্রান্তত লিপ্ত হৈছে৷ ছয় দশকজোৰা ভাষাকেন্দ্রিক মতানৈক্য পৰিহাৰ কৰি বৃহত্তৰ অসমীয়া জাতিগঠনৰ প্রক্রিয়া ব্যাহত কৰাই যে বৰাক কাণ্ডৰ মূল লক্ষ্য সেয়া উন্মোচিত হৈছে৷ অসমত অসমীয়া আৰু বাংলাভাষীৰ মাজত সংঘাত এয়ে প্রথম নহয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বৰে পৰা অসমত অসমীয়া ভাষা চৰকাৰী প্রয়োগৰ বিৰুদ্ধে একাংশ তথাকথিত বাংলা ভাষাপ্রেমীয়ে ষড়যন্ত্র কৰিছে৷ আনকি ভাষাৰ ভিত্তিত দেশ বিভাজনৰ বাবেও একাংশ নেতাই চক্রান্ত কৰিছিল৷ স্বাধীনতাৰ পূর্বে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলা বর্তমান বাংলাদেশৰ চিলেট জিলাৰ অন্তর্ভুক্ত আছিল৷ স্বাধীনতাৰ সময়ত ৰেফাৰেণ্ডামত চিলেট জিলাৰ ৫৭ শতাংশ লোকৰ মতামতৰ ভিত্তিত কৰিমগঞ্জ মহকুমাৰ বাদে জিলাখন তেতিয়াৰ পূব পাকিস্তান (বর্তমান বাংলাদেশ)ত অন্তর্ভুক্ত কৰা হৈছিল৷ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি মহকুমাক পৰৱর্তী সময়ত জিলালৈ উন্নীত কৰা হৈছে যদিও পূর্বৰ চিলেট জিলাৰ একাংশ লোকে এতিয়াও ভাষা ভিত্তিত বিভেদৰ বীজ ৰোপণ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে৷ ভাষা ভিত্তিত ৰাজ্য গঠনৰ পিছত অসমত অসমীয়া ভাষাক ৰাজ্য ভাষাৰূপে গ্রহণ কৰাৰ বাবে অসমত এক গণ সংগ্রাম গঢ়ি উঠিছিল৷ এই সংগ্রামৰ শেষত ১৯৬০ চনত অসম ৰাজ্যিক ভাষা আইন বলৱৎ হয়৷ অসমীয়া ভাষাক ৰাজ্য ভাষাৰ মর্যাদা প্রদান কৰা উক্ত আইনৰ বিৰুদ্ধেও বৰাক উপত্যকাত আন্দোলন গঢ়ি তোলা হৈছিল৷ এই আন্দোলনত বৰাক উপত্যকাত ১১জন লোকৰ প্রাণহানি হোৱাৰ পিছত ৰাজ্য চৰকাৰে ১৯৬০ চনৰ অসম ৰাজ্যিক ভাষা আইনখন সংশোধন কৰিছিল আৰু বৰাক উপত্যকাত বাংলা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি প্রদান কৰিছিল৷ বৰাক উপত্যকাত বাংলাভাষী লোকৰ সংখ্যা অধিক হ’লেও উপত্যকাটোত খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ নিজস্ব ভাষা–সংস্কৃতি আছে৷
বৰাক উপত্যকাত অসমীয়া ভাষাৰ হর্ডিং এখনক লৈ প্রদীপ দত্ত ৰয়ৰ দৰে তথাকথিত বাংলা ভাষাপ্রেমীয়ে যি কাণ্ড সংঘটিত কৰিলে সেয়া ৰাজ্যখনৰ বিবেকৱান বাঙালীয়ে সমর্থন কৰা নাই৷ প্রদীপ দত্ত ৰয় অথবা তেওঁৰ অনুগামীসকলে এই কথা ভালদৰে উপলব্ধি কৰা প্রয়োজন যে অসমৰ মাথোঁ বৰাক উপত্যকাতে নহয় সমগ্র অসমতে বসবাস কৰে বাংলাভাষী লোকসকলে৷ ৰাজ্যখনৰ কেইবাখনো নগৰ তথা অঞ্চলত বাংলাভাষী লোক সংখ্যাগৰিষ্ঠ যদিও এই অঞ্চলসমূহত ভাষাকেন্দ্রিক সংঘাত সৃষ্টি হোৱা নাই৷ এই অঞ্চলসমূহত এতিয়াও বহু দোকান–পোহাৰ তথা ব্যৱসায়িক প্রতিষ্ঠানত বাংলা ভাষাৰ ছাইনবোর্ড চলি আছে৷ বাংলা ভাষা–সংস্কৃতিৰ কেইবাজনো পুৰোধা ব্যক্তিৰ আবক্ষমূর্তি বিৰাজমান হৈ আছে৷ প্রদীপ দত্ত ৰয়ে যিদৰে অসমীয়া ভাষাৰ বিৰুদ্ধে অহৰহ চক্রান্ত কৰি আছে, সেয়া নির্মূল নহ’লেই ভাষাকেন্দ্রিক সংঘাতে ব্রহ্মপুত্র উপত্যকাতো জটিল ৰূপ ধাৰণ কৰাৰ আশংকা আছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ স্থিতি গ্রহণ কৰি প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰাটো এক আদৰণীয় পদক্ষেপ৷ মাতৃভাষাৰ প্রতি সন্মান প্রতিজন লোকৰে থাকিব লাগে অথবা থকা উচিত৷ কিন্তু মাতৃভাষাক সন্মান কৰাৰ নামত প্রদীপ দত্ত ৰয়ে অসমীয়া ভাষাবিদ্বেষী যি পদক্ষেপ লৈছে সেয়া কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে৷ অসমত থাকি অসমৰ ৰাজ্যভাষাক দত্ত ৰয়ে যিদৰে অপমান কৰিলে সেয়া নিশ্চিতভাৱে এক গুৰুতৰ অপৰাধ৷ এক ৰাষ্ট্রদ্রোহ৷ অসমত মাথোঁ অসমীয়া আৰু বাংলাভাষী লোকে বসবাস নকৰে৷ ৰাজ্যখনৰ প্রতিটো জনগোষ্ঠী তথা ভূমিপুত্রসকলৰ নিজস্ব মাতৃভাষা আছে৷ কিন্তু অসমীয়া ভাষা ৰাজ্যখনৰ প্রতিটো জাতি–জনগোষ্ঠীৰ সংযোগী ভাষাৰূপে ব্যৱহূত হৈ আহিছে৷ আনকি চুবুৰীয়া মেঘালয়, অৰুণাচল প্রদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্রিপুৰা আদি ৰাজ্যসমূহতো অসমীয়া ভাষাক বহুসংখ্যক লোকে সংযোগী ভাষাৰূপে বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি আছে৷ প্রদীপ দত্ত ৰয়ৰ হঠকাৰী কাণ্ডৰ পিছত অসমৰ একাংশ বুদ্ধিজীৱী, লেখক, সমাজ সচেতক লোকে বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰাৰো প্রস্তাৱ উত্থাপন কৰিছে৷ এনে আৱেগিক প্রস্তাৱৰ ফলত অসমৰ সামগ্রিক লাভ হ’ব বুলি আশা কৰিব নোৱাৰি৷ ইয়াৰ বিপৰীতে এনে প্রস্তাৱে প্রদীপ দত্ত ৰয়ৰ দৰে বৰাক উপত্যকাৰ বিভাজনকামী শক্তিকহে উদগনি দিয়াৰ আশংকা আছে৷ ভাষাৰ ভিত্তিত বৰাক উপত্যকাক পূব পাকিস্তানৰ সৈতে চামিলকৰণত সফল নোহোৱাৰ পিছত ১৯৭১ত বৰাক উপত্যকাক লৈ ‘পূর্বাচল’ নামেৰে এখন কেন্দ্রীয়শাসিত অঞ্চল গঠনৰ দাবীত ইউনাইটেড টেৰিটৰিয়েল ডিমাণ্ড কমিটী গঠন হৈছিল৷ পৰৱর্তী সময়ত বৰাক উপত্যকাত এখন পৃথক ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আছে একাংশ লোকে৷ ভাষা আৰু ধর্মভিত্তিক ৰাজ্য গঠনৰ পৰিণাম কেতিয়াও মংগল হ’ব নোৱাৰে৷ এনে ব্যৱস্থাই ৰাজ্যখনৰ সামূহিক বিকাশতেই নহয়, অসমৰ বৈচিত্র্যময় ভাষা–সংস্কৃতিতো আঘাত হানিব৷

You might also like