আইপিএলত আৰচিবিৰ ভাগ্য উদয় কৰাবলৈ প্লেছিছৰ ওপৰত গধুৰ দায়িত্ব
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ প্ৰতীক্ষাৰ অন্ত পেলাই আজি ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে আজি আগন্তুক আই পি এলৰ বাবে অধিনায়কৰ নাম ঘোষণা কৰিছে৷ ফেঞ্চাইজীটোৱে দক্ষিণ আফ্রিকাৰ প্রাক্তন অধিনায়ক ফাফ ডু প্লেচিছক দায়িত্ব অর্পণ কৰিছে৷ উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা তাৰকা বেটছমেনগৰাকীক আৰ চি বিয়ে শেহতীয়া মেগা নিলামত ৭ কোটিৰ বিনিময়ত ক্রয় কৰিছিল৷ কোহলিয়ে ২০২১ৰ আই পি এলৰ সামৰণিৰ পিছত নেতৃত্বৰ দায়িত্ব ত্যাগ কৰাৰ পিছত আৰ চি বিয়ে এগৰাকী নতুন অধিনায়কৰ সন্ধানত আছিল৷ কিন্তু আজি ইয়াৰ অৱসান ঘটে। ডু প্লেচিছৰ সৈতে অধিনায়কৰ দৌৰত অৱতীর্ণ হৈছিল ভাৰতৰ অভিজ্ঞ উইকেটৰক্ষক দীনেশ কার্তিক আৰু অষ্ট্রেলিয়ান তাৰকা গ্লেন মেক্সৱেল৷ চি এছ কেৰ হৈ ১০০খন আই পি এলৰ মেচ খেলি মুঠ ২৯৩৫ ৰান সংগ্রহ কৰিবলৈ সক্ষম হোৱা ডু প্লেচিছ হ’ব আৰ চি বিৰ সপ্তমগৰাকী অধিনায়ক৷ ইয়াৰ পূর্বে ৰাহুল দ্রাবিড়, অনিল কুম্বলে, কেভিন পিটাৰছন, শ্বেন ৱাটছন, ডেনিয়েল ভেট্টৰী আৰু বিৰাট কোহলিয়ে দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল৷ ২০২১ৰ আই পি এলত চমকপ্রদ প্রদর্শন দাঙি ধৰা ডু প্লেচিছে ১৬খন মেচত ৬৩৩ ৰান সংগ্রহ কৰি চি এছ কেৰ খিতাপ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ দক্ষিণ আফ্রিকাক তেওঁ ১১৫খন আন্তঃৰাষ্ট্রীয় মেচত নেতৃত্ব দিছিল৷ ইয়াৰে ৮১খন মেচত দলটোৱে জয়ৰ মুখ দেখিছিল৷ ২০২০ৰ ফেব্রুৱাৰীত ডু প্লেচিছে দক্ষিণ আফ্রিকাৰ নেতৃত্ব ত্যাগ কৰিছিল৷